ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বাৰিষাৰ প্ৰথমটো বান, ডিব্ৰুগড়ৰ মাইজানত নতুনকৈ নিৰ্মাণ কৰা জিঅ’ বেগৰ ওপৰেৰে বাগৰিছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী
ডিব্ৰুগড়ৰ মাইজানত নতুনকৈ নিৰ্মাণ কৰা জিঅ' বেগৰ ওপৰেৰে বাগৰিছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী
![ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বাৰিষাৰ প্ৰথমটো বান, ডিব্ৰুগড়ৰ মাইজানত নতুনকৈ নিৰ্মাণ কৰা জিঅ' বেগৰ ওপৰেৰে বাগৰিছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বাৰিষাৰ প্ৰথমটো বান, ডিব্ৰুগড়ৰ মাইজানত নতুনকৈ নিৰ্মাণ কৰা জিঅ' বেগৰ ওপৰেৰে বাগৰিছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী](https://prathamkhabartv.com/wp-content/uploads/2023/06/vlcsnap-2023-06-18-10h21m33s089-780x470.png)
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বাৰিষাৰ প্ৰথমটো বান। ডিব্ৰুগড় চহৰৰ উপকন্ঠ মাইজানত নতুনকৈ নিৰ্মাণ কৰা জিঅ’ বেগৰ ওপৰেৰে বাগৰিছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী।
বাঢ়নী পানীয়ে খহাই নিছে সুৰক্ষা বান্ধৰ মাটি। নাবাৰ্ডৰ অৰ্থসাহাৰ্যত ৪৬ কোটি টকা ব্যয়ৰে নিৰ্মাণ হৈ আছে ১৪০০ মিটাৰ মথাউৰি আৰু ২৫০০ মিটাৰ গৰাখহনীয়া প্ৰতিৰোধ ব্যৱস্থা।
অসম্পূৰ্ণ মথাউৰি আৰু গৰাখহনীয়া প্ৰতিৰোধ ব্যৱস্থাৰ ফলত নৱনিৰ্মিত মথাউৰিৰ ওপৰেদি বাগৰিছে ব্ৰহ্মপুত্ৰৰ পানী। যাৰ বাবে ডিব্ৰুগড় চহৰলৈ নামি আহিছে তীব্ৰ ভাবুকি। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত নৱনিৰ্মিত মথাউৰিয়েদি ব্ৰহ্মপুত্ৰৰ পানী বাগৰি অহাত যিকোনো মুহুৰ্তত জলমগ্ন হ’ব পাৰে ডিব্ৰুগড় চহৰ।