অসমআঞ্চলিক

তেওঁলোকৰ সপোন আৰু আশা পূৰণ হয়নে!

শাৰীৰিক বাৰ্ধক্যয়ো হৰুৱাব পৰা নাই ধুবুৰীৰ ৰফিকক

জীৱন সংগ্ৰামত কেতিয়াও হাৰ নমনা ধুবুৰীৰ এগৰাকী ৰিক্সা চালক ৰফিক। শাৰীৰিক বাধ্যকয়ো হৰুৱাব পৰা নাই ধুবুৰীৰ আত্মবিশ্বাসী ৰফিকক।

 

এখন হাত নথকাৰ পাছতো ধুবুৰী চহৰত প্ৰতিদিনে ঘৰৰ পৰা ওলাই আহে নিজৰ ৰিক্সাখন লৈ কাৰণ এটাই পৰিয়ালক পোহপাল দিব লাগিব৷ ল’ৰা-ছোৱালী কেইটাক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিব লাগিব।

এখন হাত বিহীন ধুবুৰীৰ ৰফিকে কাৰো পৰা এটকাও নুখুজি এনেদৰে পৰিশ্ৰম কৰি জীৱন সংগ্ৰাম অব্যাহত ৰাখিছে।
উল্লেখ্য যে, দুৰ্ঘটনাত পতিত হৈ এখন হাত হেৰুৱাইছিল ৰফিকে৷ বহু চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আহিছে ৰফিক। প্ৰায় দহটা বছৰ ধৰি এনেদৰে সংগ্ৰাম চলাই গৈছে যদিও আজিলৈকে চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধিৰ পৰা একো সহায় নাপালে ৰফিকে।

সাধাৰণতে আমিবোৰে নাজানো যিখন ৰিক্সাত বহি যাত্ৰা কৰোঁ তেওঁলোকৰ সংসাৰ কেনেকৈ চলে? তেওঁলোকৰ ল’ৰা- ছোৱালীৱেও মনত পুহি ৰাখিছে অলেখ আশা। আচলতে তেওঁলোকৰ সপোন আৰু আশা পূৰণ হয়নে ?

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.