বিশ্বভাৰত

বিশ্ব দৰবাৰত উজলিল পাঞ্জাৱৰ এজন যুৱক

১মিনিটত ৪৫ বাৰকৈ আঙুলিৰে Push-Up কৰি ৰেকৰ্ড গঢ়িলে যুৱকজনে

ইতিহাস ৰচিলে পাঞ্জাৱৰ এজন যুৱকে। ২০ বছৰ বয়সতে Guinness Book Of World ত নাম সন্নিবিষ্ট কৰিলে পাঞ্জাৱৰ কুৱৰ অমৃতবীৰ সিঙে। মাত্ৰ ২০ বছৰ বয়সতে ১মিনিটত ৪৫ বাৰকৈ আঙুলিৰে Push-Up কৰি ৰেকৰ্ড গঢ়িলে অমৃতবীৰ সিঙে।

 

তেওঁ ৰেকৰ্ড সন্নিবিষ্ট কৰিবলৈ একেৰাহে ২১ দিন দৈনিক ৪ ঘন্টাকৈ অনুশীলন কৰিছিল। কোনো আনুষ্ঠানিক প্রশিক্ষণ নোহোৱাকৈ নিজে ঘৰতে চিমেন্ট, ৰ’ডেৰে সাজি লোৱা GYM তে অনুশীলন কৰিছিল অমৃতবীৰে। অদম্য চেষ্টা আৰু আত্মবিশ্বাসেৰে বিশ্ব জিলিকিবলৈ সক্ষম হ’ল কুৱৰ অমৃতবীৰ সিং। চলিত বৰ্ষৰ ৮ ফেব্রুৱাৰীত তেওঁ এই অভিলেখ গঢ়িবলৈ চেষ্টা কৰিছিল। আৰু অৱশেষত ২৮ জুলাইত তেওঁৰ নাম আহে Guinness Book ত।

 

উল্লেখ্য যে, পূর্বতে এই খিতাপৰ গৰাকী আছিল ব্ৰিটিছৰ এজন যুৱক। তেওঁ ১ মিনিটত ৪০বাৰ Push-Up মাৰি গঢ়িছিল অভিলেখ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.