অসমআঞ্চলিক

খাবলৈ নাপায় আৰু গাহৰিৰ মাংস! কিন্তু কিয়?

আফ্ৰিকান ছোৱাইন ফিভাৰৰ বাবে গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা!

খাবলৈ নাপায় আৰু গাহৰিৰ মাংস! কিন্তু কিয়?
আফ্ৰিকান ছোৱাইন ফিভাৰৰ বাবে গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা!

গোলাঘাট জিলাত এমাহৰ বাবে গাহৰি মাংসৰ বিক্ৰীত নিষেধাজ্ঞা জিলা প্ৰশাসনৰ।

ৰাজ্যত অব্যাহত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ। গোলাঘাটত বিশেষকৈ প্ৰভাৱ পৰিছে এই ৰোগৰ সংক্ৰমণ। এই সংক্ৰমণ হোৱা ঠাইৰ পৰা গোলাঘাটৰ অন্য ঠাইলৈ এই ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটাৰ আশঙ্কা কৰি অতিৰিক্ত জিলা দণ্ডাধীশ কুলদীপ হাজৰিকাই ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে।

সেই অনুসৰি গোলাঘাট জিলাৰ দৈনিক,সাপ্তাহিক বজাৰসমূহকে ধৰি কোনো ঠাইত গাহৰি, গাহৰিৰ পোৱালী, গাহৰিৰ মাংস আৰু অন্য গাহৰিৰ মাংসৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীৰ বিক্ৰী নিষিদ্ধ ঘোষণা কৰা হৈছে। ২২ জুলাইৰ পৰা ২২ আগষ্টলৈকে বাহাল থাকিব এই নিৰ্দেশনা। গোলাঘাট জিলা প্ৰশাসনে গাহৰি বিক্ৰী বন্ধ কৰা নিৰ্দেশনাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

গোলাঘাট জিলাৰ গাহৰি পালক সকলক সমস্যাত পেলাইছে প্ৰশাসনৰ এই নিৰ্দেশনাই। গাহৰি বিক্ৰী কৰি গাহৰিৰ খাদ্য যোগাৰ কৰি থকা ক্ষুদ্ৰ গাহৰিপালক সকলৰ সৃষ্টি হ’ব আৰ্থিক সমস্যাৰ।পশুপালন বিভাগৰ সহায় ভিক্ষা খুমটাইৰ বুঢ়ালিকচনৰ আদৰ্শ কৃষক তথা গাহৰি পল্লৱ গগৈৰ। গাহৰিৰ খাদ্যসমূহ অন্তত: সুলভ মূল্যত লাভ কৰাৰ সুবিধা কৰি দিবলৈ জনাইছে আহ্বান।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 + 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.