Socialঅসম

বুলু ফিল্মৰ কাহিনীত আচলতে থাকিব কি? হিমাংশু দাসৰ বুলু ফিল্মক লৈ কৌতুহল

সকলোৰে মনত এটায়ে কৌতুহল যে দেখুওৱা কি হ’ব ছবিখনত? ইতিমধ্যেই ছবিখনৰ এখন ফটো সামাজিক মাধ্যমত আপলোড হোৱাৰে পৰা সকলোৰে মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ৷

হিমাংশু দাসৰ বুলু ফিল্মত আচলতে দেখুৱাব কি?

বৰ্তমান চৰ্চাত হিমাংশু প্ৰসাদ দাসৰ চেপ্তেবৰত মুকলি হ’বলগীয়া ছবি বুলু ফিল্ম৷ ছবিখনৰ প্ৰচাৰৰ সময়ছোৱাতে ছবিখনৰ নামটোৰ বাবে বিশেষকৈ চৰ্চাত ছবিখন৷

সকলোৰে মনত এটায়ে কৌতুহল যে দেখুওৱা কি হ’ব ছবিখনত? ইতিমধ্যেই ছবিখনৰ এখন ফটো সামাজিক মাধ্যমত আপলোড হোৱাৰে পৰা সকলোৰে মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ৷

বুলু ফিল্মৰ কাহিনীত আচলতে থাকিব কি?

লকডাউনৰ ওপৰত আধাৰিত এই বুলু ফিল্ম৷ লকডাউনৰ সময়ত অধিকাংশ লোকেই নিজৰ কৰ্ম সংস্থাপন হেৰুৱাব লগীয়া হৈছিল৷ যাৰ বাবে মানসিক হাৰাশাস্তিত ভুগিছিল বহুতো লোক৷ সংস্থাপন হেৰুৱাৰ পৰা পৰিয়াল পোহপাল দিয়াটো সমস্যাৰ সন্মুখীন হৈছিল বহু লোক৷

সেয়েহে অভাৱ দূৰ কৰিবলৈ বিভিন্ন পন্থা হাতত লৈছিল এখন গাঁৱৰ যুৱকসকলে৷ সেই পন্থাৰ ভিতৰতে আছিল বুলু ফিল্ম বনাই সামাজিক মাধ্যমত আপলোড দি ধন ঘটাৰ৷ কিন্তু তাৰ পিছত এক অদ্ভুত বাস্তৱৰ সন্মুখীন হ’ল সেইসকল যুৱক৷ তেনে এক কাহিনীৰ ভিত্তিতেই নিৰ্মাণ কৰা হৈছে হিমাংশু প্ৰসাদ দাসৰ বুলু ফিল্ম৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.