অসমআঞ্চলিক

অসহনীয়! একেলগে জ্বলি উঠিল দুখনকৈ চিতা। এখনত মাতৃ এখনত পুত্ৰ

চকুৰ সন্মূখত জ্বলি উঠিল মাতৃ-পুত্ৰৰ চিতা

অসহনীয় এক দৃশ্য। চকুৰ সন্মূখত জ্বলি উঠিল দুখনকৈ চিতা। এখন মাতৃৰ চিতা আনখনত পুত্ৰ। দেৰগাঁৱত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো। পুত্ৰৰ মৃত্যুৰ খবৰ সহিব নোৱাৰি মৃত্যুক সাৱটিলে মাতৃয়ে।

 

ঘটনা অনুসৰি, দেৰগাঁও ৰজাবাঁহৰ গাঁৱৰ ৪৮ বছৰীয়া ৰঞ্জিত বৰাৰ স্বাস্থ্য বেয়া হোৱাত সোমবাৰে নিশা যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হৈছিল। কিন্তু আজি পুৱতি নিশা চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ৰঞ্জিত বৰাৰ। পুৱা আঠমান বজাত ৰঞ্জিত বৰাৰ মৃতদেহ যোৰহাটৰ পৰা ঘৰলৈ আনি থকা অৱস্থাতে পুত্ৰৰ মৃত্যুৰ বতৰা পাইছিল মাতৃয়ে। যি এগৰাকী মাতৃৰ বাবে আছিল ভাষাৰে বৰ্ণনা কৰিব নোৱাৰা এক দূখ। পুত্ৰৰ মৃত্যুৰ বতৰাই ব্যথিত কৰি তুলিছিল মাতৃক। পুত্ৰ ৰঞ্জিতৰ মৃত্যুক সহজে ল’ব নোৱাৰি কান্দি-কান্দি মাকেও সাৱটি লয় মৃত্যুক। ভাষাহীন, শব্দহীন এই শোকাৱহ ঘটনাই পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাই। শ-শ লোকৰ উপস্থিতিত জ্বলি উঠিল মাতৃ-পুত্ৰৰ চিতা ।

 

ইয়াৰ লগে লগে ৰাজ্যবাসীয়ে দেখিলে মাতৃৰ সন্তানৰ প্ৰতি থকা মৰম আকুলতা কিমান।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.