world cupখেল

আৰ্জেণ্টিনাৰ বিশ্বকাপ জয় আৰু ২০১৫চনৰ ২০ মাৰ্চৰ এটা বিশেষ টুইট। বৰ্তমান চৰ্চাত দুয়ো!

বিশ্বকাপ ফুটবলৰ ইতিহাসৰ আটাইতকৈ ৰোমাঞ্চকৰ মেচখনৰ সাক্ষী হৈ ৰ’ল বিশ্ববাসী। ৰোমাঞ্চকৰ লগতে শ্বাহৰুদ্ধকাৰ মেচখনত দুয়োটা দলেৰে প্ৰদৰ্শন আছিল দুৰ্দান্ত। ৪-২ গ’লৰ ব্যৱধানত তীব্ৰ প্ৰতিদ্বন্দিতাৰ অন্তত আৰ্জেণ্টিনাৰ হাতত পৰাস্ত হ’ল ডিফেণ্ডিং চেম্পিয়ন ফ্ৰান্স। ইয়াৰ লগে লগে বিশ্বকাপ জয়েৰে শৈশৱৰ সপোন সম্পূৰ্ণ কৰিলে ফুটবলৰ যাদুকৰ লিয়নেল মেছিয়ে। আৰ্জেণ্টিনাই বিশ্বকাপৰ খিতাপ দখল কৰা পাছতে সামাজিক মাধ্যমত চৰ্চিত হৈছে ২০১৫চনৰ ২০ মাৰ্চৰ এটা টুইট। জ’ছ মিগুৱেল পোলেনক’য়ে ৭বছৰৰ পূৰ্বে কৰিছিল এটি ভবিষ্যৎবাণী। তেঁও টুইটটোত লিখিছিল, ‘১৮ ডিচেম্বৰ, ২০২২। ৩৪ বছৰীয়া লিঅ’ মেছিয়ে বিশ্বকাপ জয় কৰি সৰ্বকালৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হ’ব। ৭ বছৰৰ পিছত মোৰ লগত পুনৰ পৰীক্ষা কৰক।’

 

 

আৰু ঠিক তেঁও কোৱাৰ দৰেই ১৮ ডিচেম্বৰ, ২০২২ত বিশ্বকাপ ফুটবলৰ খিতাপ অৰ্জন কৰিলে মেছি বাহিনীয়ে। বৰ্তমান ছ’চিয়েল মিডিয়াত এই লৈ চলিছে তুমুল চৰ্চা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.