অসম

‘বিদ্যালয় বন্ধ কৰিলেই সমস্যাৰ সমাধান নহয়’ : অৰবিন্দ কেজৰিৱাল

অসমত বিদ্যালয় বন্ধৰ সন্দৰ্ভত অৰবিন্দ কেজৰিৱালে টুইটাৰৰ যোগেদি প্ৰকাশ কৰে নিজৰ প্ৰতিক্ৰিয়া

ৰাজ্য চৰকাৰে অসমত বিদ্যালয় বন্ধ কৰাৰ সন্দৰ্ভত অৰবিন্দ কেজৰিৱালে টুইটাৰৰ যোগেদি প্ৰকাশ কৰে নিজৰ প্ৰতিক্ৰিয়া।
যি সময়ত অসমত বিদ্যালয়সমূহৰ আন্তঃগাঁঠনি তথা বিদ্যালয়সমূহ উন্নত কৰাৰ প্ৰয়োজন আছিল সেই সময়তে অসম

 

চৰকাৰে বন্ধ কৰিবলৈ ওলাইছে কেইবাখনো বিদ্যালয়। বিদ্যালয়ত শিক্ষাৰ্থী নথকা, মেট্ৰিকত শূন্য ফলাফল ইত্যাদি অজুহাত দেখুৱাই চৰকাৰে বন্ধ কৰিবলৈ লৈছে ১৬ খন জিলাৰ ৩৪ খনকৈ বিদ্যালয়।

 

অসম চৰকাৰৰ এই সিদ্ধান্তৰ কথা সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পাছতেই এই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

 

টুইটাৰৰ যোগেদি তেখেতে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ‘বিদ্যালয় বন্ধ কৰিলেই সমস্যাৰ সমাধান নহয়। আমি এতিয়া গোটেই দেশতে নতুনকৈ বহুতো বিদ্যালয় স্থাপন কৰাটো প্ৰয়োজন। বিদ্যালয় বন্ধ কৰাৰ পৰিৱৰ্তে বিদ্যালয়সমূহ উন্নত কৰক আৰু শিক্ষা ব্যৱস্থা উন্নত কৰক।’

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.