বলিউডভাৰতমহাৰাষ্ট্ৰ

হত্যা কৰা হ’ল নেকি বিজেপি নেত্ৰী সোণালী ফোগাটক?

বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা নাই কেৱল মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ৰটৰ বাবে অপেক্ষা কৰিছে৷ ৰিপৰ্ট অহাৰ পিছতহে গোচৰটোৰ তদন্ত আগবঢ়াই নিব

সোণালী ফোগাটৰ মৃত্যু সহজ নাছিল৷ হত্যা কৰা হ’ল বিজেপি নেত্ৰী তথা বিগ বচ চিজন ১৪ৰ সোণালী ফোগাটক৷ গোৱাত সঁচাকৈয়ে হত্যাৰ বলি হ’ল নেকি সোণালী ফোগাট? সোণালী ফোগাটৰ পৰিয়ালে ইতিমধ্যেই গোৱা আৰক্ষী থানাত ৰুজু কৰিছে গোচৰ৷

বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা নাই কেৱল মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ৰটৰ বাবে অপেক্ষা কৰিছে৷ ৰিপৰ্ট অহাৰ পিছতহে গোচৰটোৰ তদন্ত আগবঢ়াই নিব। উল্লেখ্য যে হাৰিয়ানাৰ হিছাৰৰ বাসিন্দা সোণালী ফোগাটৰ সন্দেহযুক্তভাৱে হাৰ্ট এটেক হোৱাৰ পিছত মঙলবাৰে পুৱা উত্তৰ গোৱা জিলাৰ অঞ্জুনাৰ ছেইণ্ট এন্থনী হাস্পতাললৈ লৈ যোৱা হয়। চিকিৎসালয়তে তেওঁক মৃত বুলি ঘোষণা কৰে৷ সেই খবৰৰ পিছতেই চাঞ্চল্যকৰ পৰিস্থিতি সৃষ্টি হয় সমগ্ৰ পৰিয়ালবৰ্গৰ মাজত৷

ইতিমধ্যে চিকিৎসালয়খনে দুজন ফৰেনছিক বিশেষজ্ঞৰে এখন কমিটী গঠন কৰি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিছে। ফোগাটৰ ভাতৃ ঢাকাই গোৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যে তেওঁৰ ভগ্নীৰ দুজন সহযোগীয়ে তেওঁক হত্যা কৰিছিল। বুধবাৰে সোণালীৰ ভাতৃ ৰিংকু ঢাকাই তেওঁক হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰে। ৰিংকুৱে উল্লেখ কৰিছে যে দুয়োজন ব্যক্তিৰ বিৰুদ্ধে গোৱা আৰক্ষীয়ে এফআইআৰ ৰুজু কৰাৰ পিছতহে পৰিয়ালে মৰণোত্তৰ পৰীক্ষাৰ অনুমতি দিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.