অসমদৈনিক বাতৰিপ্ৰাকৃতিক দুৰ্যোগ

মাজুলীত পুনৰ ভয়াবহ খহনীয়া! লুইতৰ বুকুত জাহ গ’ল ২৩৭ কোটিটকীয়া আঁচনি…

লুইতত জাহ গ’ল ব্ৰহ্মপুত্ৰ বৰ্ডে ৰূপায়ন কৰা ২৩৭ কোটিটকীয়া জিঅবেগৰ আঁচনি

মাজুলীত পুনৰ ভয়াবহ খহনীয়া। লুইতৰ বুকুত জাহ গ’ল ২৩৭ কোটিটকীয়া আঁচনি।

মাজুলী ১ন‌ং মিছামৰাত ভয়াবহ খহনীয়া। লুইতত জাহ গ’ল ব্ৰহ্মপুত্ৰ বৰ্ডে ৰূপায়ন কৰা ২৩৭ কোটিটকীয়া জিঅবেগৰ আচনি। হাহাকাৰ নদীপৰীয়াৰ।

১নং মিছামৰাত পুৱাৰে পৰা শ শ বিঘা আহু ধানৰ খেতি লুইতত জাহ গৈছে। কেমেৰাৰ সন্মূখতে চপৰা চপৰে খহিছে গড়া। ব্ৰহ্মপুত্ৰ বৰ্ডে জিঅ বেগৰ আচনি ৰূপায়ন কৰিছিল যদিও অতি নিম্নমানৰ হোৱাৰ বাবে লূইতত জাহ গৈছে।

মাজুলীৰ খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে প্ৰতি বছৰে কোটি কোটি টকা মোকোলাই দিয়ে যদিও গৰাখহনীয়া প্ৰতিৰোধত ব্যৰ্থ ব্ৰহ্মপুত্ৰ বৰ্ড।

ইখন পিছত সিখন নৈপৰিয়া গাঁৱত  ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া কাল ৰূপ। ভয়াবহ খহনীয়াই কাল ৰূপ ধাৰণ কৰা পাছতো মাজুলীৰ সুৰক্ষা দায়িত্ব থকা ব্ৰহ্মপুত্ৰ বৰ্ড আৰু টিকে কোম্পেনী কুম্ভ কৰ্ণ নিদ্ৰাত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven − 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.