Socialখাদ্য

প্ৰসংগ: চিঙৰা, চিঙৰাক লৈ এতিয়া খোৱা-কামোৰা লাগিছে দুই কংগ্ৰেছ নেতাৰ মাজত…

অৱশ্যে চিঙৰাক লৈ কংগ্ৰেছ নেতাই কাজিয়া লগাত এতিয়া আমোদ পাইছে সকলোৱে। সাধাৰণ চিঙৰাৰ বাবেই কংগ্ৰেছ নেতাসকলে সৰু ল'ৰা-ছোৱালীৰ দৰে কাজিয়া লগা কাহিনী সঁচায়ে হাস্যকৰ। আনকি ছ'চিয়েল মিডিয়াতো চিঙৰা আৰু কংগ্ৰেছক কেন্দ্ৰ কৰি ভৰি পৰিছে বহুতো হাঁহিৰ খোৰাক যোগোৱা বাতৰি

বৈচিত্ৰতাৰে ভৰপূৰ ভাৰত। বিভিন্ন সুস্বাদু খাদ্যৰ সমাহাৰ ভাৰতবৰ্ষ। বিভিন্ন খাদ্যৰ লগতে সমগ্ৰ ভাৰততে চিঙৰাৰ আছে এক সুকীয়া বৈশিষ্ট্য। চিঙৰা খাই বেয়া পোৱা মানুহ পিছে বহুত কমেই ওলাব। বিয়লি বেলা সুস্বাদু চাটনিৰ সৈতে গৰম গৰম চিঙৰা খোৱাৰ আমেজেই সুকীয়া।

পিছে এইবাৰ চিঙৰাক লৈ কাজিয়াত লিপ্ত হৈছে ৰাজনৈতিক দলৰ নেতা। আপুনি শুনি আচৰিত হ’লেও এয়াই সঁচা। এই ঘটনা সংঘটিত হৈছে উত্তৰপ্ৰদেশত। উত্তৰপ্ৰদেশত চিঙৰা খোৱাক লৈ কংগ্ৰেছ নেতাৰ মাজত লাগিল কাজিয়া।

৬ অক্টোবৰতে সংঘটিত হৈছিল এই ঘটনা। উত্তৰপ্ৰদেশৰ লক্ষীমপুৰৰ কৃষকৰ মনৰ বতৰা ল’বলৈ যোৱা কংগ্ৰেছ নেতৃ প্ৰিয়ংকা গান্ধীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। প্ৰিয়ংকা গান্ধীৰ গ্ৰেপ্তাৰৰ পিছতে কংগ্ৰেছৰ নেতাসকলে এই গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি উলিয়াইছিল প্ৰতিবাদী সমদল। প্ৰতিবাদ কৰা সকলোকে আটক কৰে আৰক্ষীয়ে।

আৰক্ষী থানাত আটকাধীন কংগ্ৰেছৰ সদস্যসকলক খুৱাবলৈ চিঙৰা লৈ আহিছিল প্ৰয়াগৰাজ কংগ্ৰেছৰ সম্পাদক ইৰছাদ উল্লাহে। চিঙৰা খোৱাৰ সময়ত জিলা মুখপাত্ৰ হচিব আহমেদে এটাৰ পৰিৱৰ্তে তিনিটা চিঙৰা লোৱাত খঙত অগ্নিশৰ্মা হৈ পৰে প্ৰয়াগৰাজ কংগ্ৰেছৰ সম্পাদকগৰাকী। চিঙৰাক কেন্দ্ৰ কৰি অশ্লীল ভাষা ব্যৱহাৰেৰে কাজিয়াত লিপ্ত হয় দুয়োজন।
কংগ্ৰেছৰ সাধাৰণ সম্পাদক নাফিচ আনৱাৰে কাজিয়া ভংগ কৰোৱাৰ চেষ্টা চলোৱাৰ পিছতো অন্ত নপৰিল দুৰ্বাদল কাজিয়াৰ। পৰৱৰ্তী সময়ত আৰক্ষীয়ে পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আনে।

অৱশ্যে চিঙৰাক লৈ কংগ্ৰেছ নেতাই কাজিয়া লগাত এতিয়া আমোদ পাইছে সকলোৱে। সাধাৰণ চিঙৰাৰ বাবেই কংগ্ৰেছ নেতাসকলে সৰু ল’ৰা-ছোৱালীৰ দৰে কাজিয়া লগা কাহিনী সঁচায়ে হাস্যকৰ। আনকি ছ’চিয়েল মিডিয়াতো চিঙৰা আৰু কংগ্ৰেছক কেন্দ্ৰ কৰি ভৰি পৰিছে বহুতো হাঁহিৰ খোৰাক যোগোৱা বাতৰি।

সম্পৰ্কিত প্ৰবন্ধসমূহ

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । প্ৰয়োজনীয় ক্ষেত্ৰসমূহত *এৰে চিন দিয়া হৈছে

five × four =

Back to top button