AssamSocialViralঅসম

উচ্ছেদৰ মাজতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি বিশ্বনাথত

আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰাৰ লগতে সাংবাদিককো আ/ক্ৰ/মণ

উচ্ছেদৰ মাজতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি বিশ্বনাথত। বিশ্বনাথৰ জাপৰিগুৰিৰ ধৰ্মীয় অনুষ্ঠান মছজিদত প্ৰশাসনৰ হাতোৰা পৰাৰ পাছত একাংশ লোক আৱেগিক হৈ উক্ত স্থানত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।কেৱত ইমানেই নহয় আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰাৰ লগতে সাংবাদিককো আ/ক্ৰ/মণৰ লক্ষ্য কৰে উচ্ছেদিতই।যিহেতু কালিৰ দিনটোৰ পৰা বিশ্বনাথৰ ননকে জাপৰিগুৰিত অবৈধভাৱে দখল কৰা ৩০৭টা পৰিয়ালক উচ্ছেদ অভিযান অব্যাহত ৰাখে প্ৰশাসনে।ঠিক সেইদৰে আজি দ্বিতীয় দিনাও প্ৰশাসনে উচ্ছেদ অভিযান অব্যাহত ৰখাৰ মাজতে এই ঘটনাটো সংঘটিত হয়।ইয়াৰ লগতে এফালে যদি প্ৰশাসনে উক্ত স্থানৰ পৰা কেইবাটাও পৰিয়াল স্থানান্তৰ কৰিছে আনফালে আকৌ উচ্ছেদ কৰিলেও আমি এই স্থান এৰি নিদিও ,দিনত উচ্ছেদ চলালেও সন্ধিয়া তিৰপাল তৰি ইয়াতে থাকিম,সংস্থাপন নোপোৱা পৰ্যন্ত এই স্থানতে তিৰপাল তৰি থাকিম বুলি হুংকাৰ উচ্ছেদিতৰ।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.