ভাৰতস্বাস্থ্য

ডেংগুত আক্ৰান্ত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং…

উল্লেখ্য যে, চলিত বৰ্ষৰ এপ্ৰিল মাহতো প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং কোভিডত আক্ৰান্ত হৈ AIIMSত ভৰ্তি হৈছিল। তাৰ পৰৱৰ্তী সময়ত দুৰ্বলতাৰ বাবে হাস্পতালত ভৰ্তি হোৱা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী সুস্থ হৈ উঠক সোনকালে।

ডেংগুত আক্ৰান্ত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং। অৱশ্যে ডেংগুত আক্ৰান্ত হ’লেও ক্ৰমাৎ সুস্থ হৈ উঠিছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী। এই কথা সদৰী কৰিছে AIIMSৰ চিকিৎসা বিষয়াই।

৮৯ বছৰীয়া কংগ্ৰেছৰ নেতাগৰাকীক বুধবাৰে ভৰ্তি কৰোৱা হয় দিল্লীৰ AIIMSত। জ্বৰ আৰু দুৰ্বলতাত ভুগি আছিল দেশৰ প্ৰধানমন্ত্ৰীগৰাকী।

AIIMSৰ কাৰ্ডিও-নিউৰো চেন্টাৰৰ এটা ব্যক্তিগত ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক। বৰ্তমান প্ৰখ্যাত হৃদৰোগ বিশেষজ্ঞ নীতিশ নায়কৰ অধীনত এটা চিকিৎসকৰ দলে প্ৰধানমন্ত্ৰীগৰাকীক চিকিৎসা প্ৰদান কৰি আছে।

উল্লেখ্য যে, চলিত বৰ্ষৰ এপ্ৰিল মাহতো প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং কোভিডত আক্ৰান্ত হৈ AIIMSত ভৰ্তি হৈছিল। তাৰ পৰৱৰ্তী সময়ত দুৰ্বলতাৰ বাবে হাস্পতালত ভৰ্তি হোৱা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী সুস্থ হৈ উঠক সোনকালে। প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ সুস্বাস্থ্য কামনা কৰিছে দেশবাসীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 + 15 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.