Socialঅসম

‘যাদু খেল’ৰ নামত ‘চিত্ৰহাৰ’: যুৱক-যুৱতীৰ অশ্লীলতা দেখি হতবাক দৰ্শক

ভূটনীদোৱা অঞ্চলত এনেদৰেই অশ্লীলতাৰ চৰম সীমা অতিক্ৰম কৰা নৃত্য মুকলি ভাৱে প্ৰদৰ্শন কৰাৰ পিছতো ৰহস্যজনকভাৱে নীৰৱতা অৱলম্বন কৰিছে সাপমাৰী আৰক্ষী তথা জিলা প্ৰশাসনে।

ওদালগুৰিৰ ভূটনীদোৱাত চিত্ৰহাৰৰ নামত অশ্লীল নৃত্য। অশ্লীলতাই অতিক্ৰম কৰিলে চৰম সীমা । নীৰৱ দল-সংগঠন-আৰক্ষী প্ৰশাসন ।

ওদালগুৰি জিলাৰ সাপমাৰী আৰক্ষী চকীৰ অন্তৰ্গত ভূটনীদোৱা গাঁৱত চিত্ৰহাৰৰ নামত মুকলিকৈ চলিছে অশ্লীল নৃত্য প্ৰদৰ্শনী। ভূটনীদোৱা ইউথ ক্লাবৰ সৌজন্যত আয়োজন কৰা হৈছে এই চিত্ৰহাৰ।

যোৱা ২২ নৱেম্বৰত যাদু খেল প্ৰদৰ্শনৰ বাবে জিলা প্ৰশাসনৰ ওচৰত আবেদন কৰিছিল ভূটনীদোৱা ইউথ ক্লাবে। কিন্তু অতি আশ্চৰ্য্যজনকভাৱে যাদু খেলৰ পৰিৱৰ্তে গাওঁখনত চলিল চিত্ৰহাৰ।

ভূটনীদোৱা অঞ্চলত এনেদৰেই অশ্লীলতাৰ চৰম সীমা অতিক্ৰম কৰা নৃত্য মুকলি ভাৱে প্ৰদৰ্শন কৰাৰ পিছতো ৰহস্যজনকভাৱে নীৰৱতা অৱলম্বন কৰিছে সাপমাৰী আৰক্ষী তথা জিলা প্ৰশাসনে।

আনহাতে, ভূটনীদোৱাৰ বিদ্যালয়সমূহত পৰীক্ষা চলি থকাৰ সময়ত এনে ধৰণৰ অশ্লীল নৃত্য প্ৰদৰ্শনৰ অনুমতি প্ৰদান কৰাক লৈও আচৰিত হৈছে সচেতন মহল। সমান্তৰালকৈ এনেবোৰ অশ্লীল, লজ্জাজনক দৃশ্য দেখিও দল-সংগঠনে নীৰৱতা অৱলম্বন কৰাক লৈও উত্থাপন হৈছে প্ৰশ্নৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × four =

Back to top button