Covid-19জীৱনশৈলীদৈনিক বাতৰিস্বাস্থ্য

ক’ভিডৰ OMICRON ভেৰিয়েণ্টৰ ত্ৰাসঃ শ্ৰীলংকাই নিষিদ্ধ ঘোষণা কৰিলে ৬খন দেশৰ

ক’ভিডৰ নতুন ভেৰিয়েণ্ট OCRIM প্ৰথমে দক্ষিণ আফ্ৰিকাত ধৰা পৰাৰ পাছতেই বিশ্ব স্বাস্থ্য সংস্থাই সমগ্ৰ বিশ্বকে এই নতুন ভেৰিয়েণ্টক লৈ সতৰ্ক কৰি দিছিল

সমগ্ৰ বিশ্বতে ক’ভিডৰ নতুন ভেৰিয়েণ্টক লৈ সৃষ্টি হৈছে শংকা। এনে সময়তে শ্ৰীলংকাই ৬খন আফ্ৰিকান দেশৰ পৰা আহিবলগীয়া পৰ্যটকক দেশখনত নিষিদ্ধ ঘোষণা কৰিছে।

শ্ৰীলংকাই দেশখনত প্ৰৱেশ নিষিদ্ধ কৰিবলগীয়া আফ্ৰিকান দেশ কেইখন হৈছে ক্ৰমে- দক্ষিণ আফ্ৰিকা, বোটছৱানা, জিম্বাবুৱে, নামিবিয়া, লেচ’থো আৰু ইছৱাটিনি। সোমবাৰৰ পৰা শ্ৰীলংকাত এইকেইখন দেশৰ নাগৰিকক প্ৰৱেশৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

ক’ভিডৰ নতুন ভেৰিয়েণ্ট OCRIM প্ৰথমে দক্ষিণ আফ্ৰিকাত ধৰা পৰাৰ পাছতেই বিশ্ব স্বাস্থ্য সংস্থাই সমগ্ৰ বিশ্বকে এই নতুন ভেৰিয়েণ্টক লৈ সতৰ্ক কৰি দিছিল।

উল্লেখযোগ্য যে, আফ্ৰিকান ক’ভিডৰ নতুন ভেৰিয়েণ্ট ওমিক্ৰণ ধৰা পৰাৰ পাছতে ভাৰত চৰকাৰেও এই ভেৰিয়েণ্টক লৈ যথেষ্ট গুৰুত্ব সহকাৰে গ্ৰহণ কৰা দেখা গৈছে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 1 =

Check Also
Close
Back to top button