অসমআঞ্চলিকসংস্কৃতি

পত্নী ব্ৰাহ্মণ নোহোৱাৰ বাবেই সমাজৰ পৰা এলাগি হ’ল ৰাজু চক্ৰবৰ্তী!

মাতৃক এবাৰ চোৱাৰ হেঁপাহ পুৰণ নহ'ল ৰাজু চক্ৰবৰ্তীৰ! কিন্তু কিয়?

মাতৃক বিচাৰি চিৰ নিদ্ৰাত ৰাজু চক্ৰবৰ্তী। মাতৃক এবাৰ চোৱাৰ হেঁপাহ পুৰণ নহ’ল ৰাজু চক্ৰবৰ্তীৰ।

ৰাজ্যত পুনৰ বৰ্ণ বৈষম্যৰ বিতৰ্ক। দৰং, মঙলদৈৰ পিছত এইবাৰ চাপৰত ব্ৰাহ্মণ বিতৰ্ক। চাপৰ শালকোচৰ হাফাপাৰা গাঁৱত সংঘটিত এই ঘটনা। কোচ ৰাজবংশী পৰিয়ালৰ ছোৱালীক বিয়া পতাৰ অপৰাধতে সমাজৰ পৰা এলাগী কৰি থৈছিল ৰাজু চক্ৰৱৰ্তীৰ পৰিয়ালক।

দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা ৰাজু চক্ৰৱৰ্তীৰ এবাৰ মাতৃক চোৱাৰ বৰ ইচ্ছা আছিল। কিন্তু পত্নী বেলেগ বৰ্ণৰ হোৱাৰ বাবেই মৃত্যুৰ সময়ত জন্মদাত্রী মাতৃক এবাৰ চোৱাৰ হেঁপাহ সম্পূর্ণ ন’হল ৰাজুৰ। ৰাজু চক্ৰৱৰ্তীৰ অন্তিম যাত্রাত উপস্থিত ন’হল তেওঁৰ আত্মীয় লোক তথা শালকোচা হাফাপাৰাৰ ব্ৰাহ্মণ সমাজ। যাৰ ফলত উপায়হীন হৈ ৰাজুৰ পত্নীয়ে কোচ ৰাজবংশীৰ ৰীতি নীতিৰে শেষকৃত্য সম্পন্ন কৰিলে।

তাৎপর্যপূর্ণ যে, বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ এই আধুনিক সময়তো জাত-পাতৰ কু-নীতিয়ে লাজত পেলাই অসমীয়া সমাজক। এতিয়াও বহুক্ষেত্ৰত পিছ পৰি আছে অসম। যিখন দেশক প্রধান মন্ত্রী নৰেন্দ্ৰ মোদীয়ে বৈজ্ঞানিক মাধ্যমেৰে আগুৱাই নিব বিচাৰিছে সেইখন দেশতে নিতৌ সংঘটিত হ’বলৈ ধৰিছে এনেধৰণৰ কেতবোৰ অমানৱীয় ঘটনা। এই খিনিতে প্ৰশ্ন হয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ এই যুগত জাত-পাতৰ এই কু-নীতিৰ পৰা কেতিয়া ৰক্ষা পৰিব মানৱ সমাজ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + fifteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.