অসমস্বাস্থ্য

নেমকেয়াৰ হাস্পতালৰ কাৰ্ডিঅ’ল’জী বিভাগৰ বৃহৎ সাফল্য, বিভাগে সুকলমে সম্পন্ন কৰিলে হৃদৰোগৰএক জটিল অস্ত্ৰোপচাৰ

চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ সময়ত মহিলাগৰাকীৰ শৰীৰৰ ওজন আছিল মাত্ৰ ২৭ কেজি.

নেমকেয়াৰৰ হাস্পতালৰ কাৰ্ডিঅ’ল’জী বিভাগৰ বিশেষ সাফল্য। বিভাগটোৱে সুকলমে সম্পন্ন কৰিলে হৃদযন্ত্ৰৰ জটিল অস্ত্ৰোপচাৰ, Transcatheter Aortic Valve Implantation চমুকৈ TAVI।

যোৱা মাহতে, বেলা বিশ্বাস নামৰ এগৰাকী ৭১ বছৰীয়া মহিলাক ভৰ্তি কৰোৱা হৈছিল নেমকেয়াৰ হাস্পতালত। মহিলাগৰাকীৰ জটিল অস্ত্ৰোপচাৰ চলাইছিল কাৰ্ডিঅ’ল’জী বিভাগৰ এটা দলে। চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ সময়ত মহিলাগৰাকীৰ শৰীৰৰ ওজন আছিল মাত্ৰ ২৭ কেজি.। অৱশেষত, হাৰ্টৰ ভালভৰ চিভিয়াৰ ৰোগত আক্ৰান্ত মহিলাগৰাকীৰ ব্যয়বহুল অস্ত্ৰোপচাৰ সম্পন্ন কৰে নেমকেয়াৰ হাস্পতালে।

উল্লেখ্য যে, এই বিশেষ অস্ত্ৰোপচাৰৰ বাবে আমন্ত্ৰণ কৰি অনা হৈছিল হৃদৰোগ বিশেষজ্ঞ ডঃ মাণিক চোপ্ৰাক। আনহাতে, নেমকেয়াৰৰ হৃদৰোগ বিভাগৰ মুৰব্বী ডাঃ অপূৰ্ব কুমাৰ শৰ্মাৰ তত্বাৱধানত সম্পন্ন কৰা এই অস্ত্ৰোপচাৰত ব্যয় হৈছিল ১২-১৫ লাখ টকা। ২৭ ছেপ্তেম্বৰতে আঢ়ৈ ঘণ্টা ধৰি চলা এই প্ৰত্যাহ্বানমূলক অস্ত্ৰোপচাৰ সফলভাৱে সম্পন্ন হোৱাত এতিয়া উৎফুল্লিত হৈ পৰিছে কাৰ্ডিঅ’ল’জী বিভাগৰ লোকসকল।

জন্মগতভাৱে, এই ৰোগত আক্ৰান্ত হয় ৫-১০ শতাংশ মানুহ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 + twelve =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.