অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

কংগ্ৰেছৰ দিনত ৰাতিৰ আন্ধাৰত ৰাজকোষত লুণ্ঠন চলিছিল, ৰকিবুল হুছেইনৰ আমোলত ৰাতিৰ আন্ধাৰত সংঘটিত হৈছিল গঁড় হত্যা : সুভাষ দত্ত

ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন মিত্রজোটৰ চৰকাৰৰ প্রতিটো কামেই নিকা স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে সম্পাদিত হয়। চৰকাৰে গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপ আৰু প্ৰতিখন আঁচনি দিনৰ পোহৰৰ দৰেই স্বচ্ছ আৰু স্পষ্ট। দুর্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতা নীতি অৱলম্বন কৰি ২০১৬ চনৰ পৰা বৰ্তমানলৈকে অসমত সর্বানন্দ সোণোৱাল নেতৃত্বাধীন আৰু ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি মিত্রজোঁটৰ চৰকাৰে প্রতিটো কামেই সম্পাদন কৰি আহিছে। এনে প্রেক্ষাপটত ৰাতিৰ আন্ধাৰত গড় হত্যা কবি দুর্নীতিৰ পোহাৰ মেলা, দুর্নীতিৰে সম্পত্তিৰ পাহাৰ গঢ়া ৰকিবুল হুছেইনৰ দৰে ভ্ৰষ্টাচাৰী নেতাৰ মুখত স্বচ্ছতাৰ নীতিবাক্য শোভা নাপায়। আজি এক প্রেছ বিবৃতিত ৰকিবুল হুছেইনক এইদৰে উভতি ধৰি ৰাজ্যিক বিজেপিৰ মুখপাত্র সুভাষ দত্তই কয়, তৰুণ গগৈ নেতৃত্বাধীন কংগ্রেছৰ শাসনৰ পোন্ধৰ বছৰীয়া অপশাসনৰ অংশীদাৰ আছিল ৰকিবুল হুছেইন। যাৰ নেতৃত্বতেই অসম গৌৰৱ ভাৰতবৰ্ষৰ স্বাভিমান এশিঙীয়া গড় এটা এটাকৈ চোৰাং চিকাৰীৰ হাতত নিধন হৈছিল। কংগ্ৰেছ চৰকাৰৰ দুর্নীতি, ভ্রষ্টাচাৰৰ ক’লা অধ্যায় যদি ৰোমন্থন কৰা হয়, তেতিয়া এই আটাইবিলাক ক’লা অধ্যায় তৰুণ গগৈৰ নেতৃত্বাধীন চৰকাৰৰ সময়ত ৰকিবুল হুছেইনৰ দৰে মন্ত্রী সকলৰ পৃষ্ঠপোষকতাত ৰাতিৰ আন্ধাৰত ৰাজকুষ লুণ্ঠনৰ কাম সমূহ হৈছিল সেই কথা অসমৰ ৰাইজে পাহৰি যোৱা নাই। সেইজন ৰকিবুল হুছেইনেই আজি ভাৰতীয় জনতা পার্টিৰ চৰকাৰক কটাক্ষ কৰিবলৈ গৈ যি বাক্যবান নিক্ষেপ কৰিছে ইয়াৰ যোগেদি তেখেতৰ দিনৰ দুর্নীতিৰ এই ক’লা অধ্যায় সমূহহে জনমানসত পুনৰ উন্মোচিত হৈছে। কংগ্ৰেছ চৰকাৰৰ সেই সময়ৰ গ্র্যামোন্নয়ন বিভাগৰ প্রায় ৬০ হাজাৰটা ইন্দিৰা আৱাস যোজনাৰ গৃহ নির্মাণ নোহোৱাকৈ ধন আত্মস্যাৎ কৰা হৈছিল বুলি কেগৰ প্ৰতিবেদনত প্রকাশ পাইছিল। ৰকিবুল হুছেইনৰ দিনৰ ইন্দিৰা আৱাস যোজনাৰ গৃহ আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা দিনৰ প্রধানমন্ত্রী আৱাস যোজনা (গ্রামীন) গৃহ কেইটা যদি তুলনা কৰে তেতিয়া হয়টো ৰকিবুল হুছেইনে মুখলজ্জা ধাকিব নোৱাৰিব।

এই সময়ছোৱাত ৫ লাখ ৫০ হাজাৰ প্রধানমন্ত্রী আৱাস যোজনাৰ ঘৰ নির্মাণ হৈছে আৰু ১২ লাখ গৃহ নির্মাণৰ বাবে প্রক্রিয়া অব্যাহত আছে। কংগ্রেছ চৰকাৰৰ দিনৰ ভ্ৰষ্টাচাৰৰ দস্তাবেজ যদি লুটিয়াবলগীয়া হয় তেতিয়া হ’লে প্রধানমন্ত্রী আৱাস যোজনাৰ গৃহ আৰু তেখেতৰ দিনৰ ইন্দিৰা আৱাস যোজনাৰ গৃহ দেখিলেই প্রকৃততে দুয়োটা ঘৰৰ পাৰ্থক্য অসমৰ ৰাইজে অনুভৱ কৰে। লগতে বন বিভাগৰ বিভিন্ন ক্ষেত্ৰত ৰাজহ ফাকি দিয়াৰ কাহিনী কেগৰ প্রতিবেদনৰ পৃষ্ঠাই পৃষ্ঠাই বিৰাজমান আছিল। কেগৰ প্রতিবেদন সমূহ লুটিয়াই চালে এই সকলো তথ্য প্রতিফলিত হ’ব। গতিকে যাৰ নেতৃত্বত দুর্নীতি হৈছিল তেনে ব্যক্তিয়ে আজি স্বচ্ছ আৰু নিকা প্রক্রিয়াৰে পৰিচালিত বিভিন্ন ধৰণৰ আমাৰ প্রশাসনিক কামকাজ সেই সমূহ সমালোচনা কৰাৰ নৈতিক অধিকাৰ নাই। কংগ্রেছৰ নেতাসকল এতিয়া চৰম হতাশগ্রস্ত। তেখেত সকলৰ বক্তব্যত এই হাতাশা সমূহ প্রকাশ পাই আহিছে। কংগ্রেছ নেতা সকলে এটা কথা মনত ৰখা ভাল যিটো সময়ত প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙে অসমক বঞ্চনা কৰি খাৰুৱা তেলৰ ৰয়েল্টি বাবদ পাব লগা ৭,৭৭০ কোটি টকা বন্ধ কৰি ৰাখিছিল, সেই সময়ত এই সকল কংগ্রেছ নেতা নিমাত আছিল। যি সময়ত ত্রয়োদশ বিত্তীয় আয়োগৰ অনুদানৰ সময়ত তেতিয়াৰ প্রধানমন্ত্রী প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙে মাত্র ৫৮ হাজাৰ কোটি টকা দি অসমক প্রবঞ্চনা তথা প্ৰতাৰণা কৰিছিল। সেই সময়ত এই নেতা সকল নিশ্চুপ হৈ আছিল। ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ অহাৰ পিছত বিজেপি নেতৃত্বাধীন NDA চৰকাৰে চতুদর্শ বিত্তীয় আয়োগৰ অধীনত ১ লাখ ৫৫ হাজাৰ কোটি টকা মুকলি কৰি দিছিল। বিবৃতিখনত ৰাজ্যিক বিজেপিৰ মুখপাত্র সুভাষ দত্তই লগতে কয়, ড০ হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধত দেশব যশস্বী প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কংগ্রেছে বন্ধ কৰি থোৱা তেলৰ বয়েন্টি ৭,৭৭০হাজাৰ কোটি টকা মুকলি কৰি দিছিল। যাৰ জৰিয়তে বাজ্যখনৰ উন্নয়নৰ তৰান্বিত কৰাৰ ক্ষেত্ৰত আমাৰ চৰকাৰ সফল হৈছে। ইয়াৰ উপৰিও আজি অসমৰ বুকুত যিসমূহ উন্নয়নমূলক প্রকল্প আৰু উন্নয়নমূলক আঁচনি সর্বসাধাৰণ ৰাইজক স্পর্শ কৰিবলৈ সক্ষম হৈছে। এই আঁচনি তথা প্রকল্প সমূহে বিশেষকৈ অসমৰ বিভিন্ন পিছ পৰা অঞ্চলসমূহকো আজি ভাৰতবৰ্ষৰ আগশাৰীৰ অঞ্চললৈ উন্নীত কৰাৰ ক্ষেত্রত সফল হৈছে। আমি আশাবাদী মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে শীঘ্রেই দেশৰ আগশাৰীৰ পাঁচখন ৰাজ্যৰ অন্তর্ভূক্ত হ’বলৈ সক্ষম হ’ব। কংগ্রেছৰ নেতা সকলে এতিয়া চৰম মিথ্যাচাৰ, অপচেষ্টাত লিপ্ত হৈ বিভিন্ন ধৰণৰ কটু তথা তৰল মন্তব্যৰে নিকৃষ্ট ৰাজনৈতিক কাৰাচাজি কৰাটো অসমৰ ৰাইজৰ দৃষ্টিগোচৰ হৈছে আৰু আগন্তুক সময়ত ইয়াৰ প্রত্যুত্তৰ তেখেত সকলে নিশ্চিতভাৱে পাব।

 

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − 8 =

Back to top button