অৰ্থনৈতিকঅসমদৈনিক বাতৰিবোলছবি

মন জয় কৰিছে “লোকেল উৎপাতে”, বক্স অফিচত এতিয়ালৈ কালেকচনে ১ কোটি টকা!

বক্স অফিচত সফলতাৰ পাছত এতিয়া লোকেল উৎপাত চলচ্চিত্ৰখন অসমৰ বাহিৰতো মুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছে

১৩ মে’ত অসমৰ ছবিগৃহত মুক্তি পোৱা “লোকেল উৎপাত” চলচ্চিত্ৰখনৰ প্ৰতি অসমৰ দৰ্শকৰ সঁহাৰি সন্তোষজনক। ইয়াৰ প্ৰভাৱ পৰা দেখা গ’ল বক্স অফিচ কালেকচনত। অসমৰ ৩৫টা ছবি গৃহত মুক্তি পোৱা চলচ্চিত্ৰখনৰ বক্স অফিচ কালেকচনে ১ কোটিৰ ঘৰ স্পৰ্শ কৰে।

প্ৰায় দুঘণ্টা দৈৰ্ঘ্যৰ ছবিখনৰ পৰিচালনা কৰিছে কেনি দেউৰী বসুমতাৰীয়ে। তেওঁ পূৰ্বেও ”লোকেল কুংফু”ৰ জৰিয়তে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল।

ছবিখনত অভিনয় কৰা কলা–কুশলীৰ লগতে পৰিচালকে ৰাইজৰ সহাৰিৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

বক্স অফিচত সফলতাৰ পাছত এতিয়া লোকেল উৎপাত চলচ্চিত্ৰখন অসমৰ বাহিৰতো মুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছে। দিল্লী, মুম্বাই, কলকাতা, বেংগালুৰুত ছবিখন মুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছে বুলি জানিব পৰা গৈছে৷

সম্পৰ্কিত প্ৰবন্ধসমূহ

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব ।

11 + 4 =

Back to top button