অসমদুৰ্ঘটনা

বঙাইগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা, গাড়ীৰ ভিতৰতে জীৱন্তে অগ্নিদগ্ধ হ’ল এজন…

স্থানীয় ৰাইজে উদ্ধাৰ কৰি আহত ব্যক্তিকেইজনক ততাতৈয়াকৈ প্ৰেৰণ কৰে চিকিৎসালয়লৈ।

বঙাইগাঁওৰ বাখলগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। জীৱন্তে অগ্নিদগ্ধ এজন আৰোহী। বুধবাৰে নিশা বঙাইগাঁও-উত্তৰ শালমাৰা সংযোগী মূল পথত সংঘটিত ভয়ংকৰ দুৰ্ঘটনা। নিশা প্ৰায় ১ বজাত দুখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয়।

 

সংঘৰ্ষৰ পিছতে দপদপকৈ জ্বলি উঠে দুয়োখন বাহন। বাহনৰ ভিতৰতে জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাবটি লয় এজন লোকে।আনখন বাহনত থকা আন ৪ জন যাত্ৰীও গুৰুতৰভাৱে আহত হয়৷ স্থানীয় ৰাইজে উদ্ধাৰ কৰি আহত ব্যক্তিকেইজনক ততাতৈয়াকৈ প্ৰেৰণ কৰে চিকিৎসালয়লৈ।

 

উল্লেখ্য যে, বঙাইগাঁৱৰ পৰা উত্তৰ শালমাৰাৰ দিশে আহি আছিল এখন বাহন৷ এই বাহনখনত থকা ৪ জন আৰোহী ক্ৰমে কাৰ্তিক কোচ, মনোজ কোচ, ৰাজেশ গাম আৰু দিবাকৰ শ্বাহ।আটাইকেইজন আৰোহীৰ ঘৰ পশ্চিম গাৰোপাহাৰত৷ বঙাইগাঁৱত বিয়া খাই ঘৰলৈ গৈ আছিল আৰোহীকেইজন। আনহাতে, বিপৰীত দিশৰ পৰা বাহনখন উত্তৰ শালমাৰাৰ পৰা বঙাইগাঁও দিশে গৈ আছিল।

 

এই বাহনখনত থকা এজন আৰোহী জীৱন্তে অগ্নিদগ্ধ হৈ বাহনৰ ভিতৰতে ছাঁইত পৰিণত হয়। এতিয়ালৈকে মৃত আৰোহীজনক চিনাক্ত কৰিব পৰা হোৱা নাই। পৰৱৰ্তী সময়ত বঙাইগাঁও আৰু অভয়াপুৰীৰ পৰা যোৱা কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.