অসমআঞ্চলিক

ভয়ংকৰ! বেলুনত ভৰোৱা গেছ চিলিণ্ডাৰ বিস্ফোৰণ হৈ মৃ্ত্যু এজনৰ

বঙাইগাঁৱৰ বীৰঝৰা চাহ-বাগিছাৰ কৰম পূজাত অঘটন!

বঙাইগাঁৱৰ বীৰঝৰা চাহ-বাগিছাৰ কৰম পূজাত অঘটন!

বেলুনত ভৰোৱা গেছ চিলিণ্ডাৰ বিস্ফোৰণ হৈ যুৱকৰ কৰুণ মৃত্যু, লগতে আহত হয় আন তিনিজন লোক। মৃত যুৱকগৰাকী ২১ বছৰীয়া বীৰবল ৰায়, বীৰবলৰ ঘৰ পুৰণি বঙাইগাঁৱত। ঘটনা সংঘটিত হোৱাৰ পিছতেই যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

কৰম পূজাৰ অনুষ্ঠান চলি থকাৰ সময়তেই বেলুনত ভৰোৱা গেছৰ চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটে, পূজাস্থলীত সেই সময়ত চলি আছিল সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী। সাংস্কৃতিক মঞ্চৰ পৰা কিছু আঁতৰত হয় বিস্ফোৰণ, সাংস্কৃতিক সন্ধিয়াত উপস্থিত আছিল কেইবা শতাধিক দৰ্শক।

বৰ্তমান ঘটনাটোৱে বঙাইগাঁৱত শোকৰ ছাঁ পেলাইছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.