অসমগুৱাহাটীদৈনিক বাতৰিভাৰতমহাৰাষ্ট্ৰৰাজনৈতিক

অসমৰ মানুহে কুকুৰ ভক্ষণ কৰে ,এক অপমানসূচক মন্তব্য মহাৰাষ্ট্ৰৰ বিধায়ক বচ্চু কাডুৰ

মহাৰাষ্ট্ৰ বিধানসভাত ৰাজ্যখনৰ প্ৰখৰ জনশক্তি পাৰ্টিৰ মুৰব্বী তথা বিধায়ক বচ্চু কাডুৱে অসমক লৈ কৰা এক মন্তব্যই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

মহাৰাষ্ট্ৰ বিধানসভাত ৰাজ্যখনৰ প্ৰখৰ জনশক্তি পাৰ্টিৰ মুৰব্বী তথা বিধায়ক বচ্চু কাডুৱে অসমক লৈ কৰা এক মন্তব্যই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

স্মৰ্তব্য যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমক অপমাণিত কৰা ঘটনা এইয়া প্ৰথম নহয়।ইয়াৰ পূৰ্বেও অসমৰ অতিথিপৰায়ণতা আৰু আঞ্চলিক দলসমূহৰ দুৰ্বল স্থিতিৰ বাবে অসমক বহু লোকে ৰাষ্ট্ৰীয় পৰ্যায়ত অপমানিত কৰিছে।যাৰ বাবে লজ্জালত হ’বলগীয়া হৈছিল অসম।

বচ্চু কাডুৱে দিয়া এক অদ্ভুত মন্তব্যই সৃষ্টি কৰিছে তীব্ৰ বিতৰ্কৰ।বিধায়ক বচ্চু কাডুৱে জনসংখ্যা নিয়ন্ত্ৰণৰ উপায় হিচাপে পথৰ কুকুৰক অসমলৈ প্ৰেৰণ কৰাৰ এক অদ্ভুত প্ৰস্তাৱ আগবঢ়াই।

কাড়ুৰ মতে অসমৰ মানুহে কুকুৰৰ মাংস খাদ্য হিচাপে গ্ৰহণ কৰে।সেয়েহে এই সমস্যটো মোকাবিলা কৰাৰ বাবে এয়া সমাধান হব।কাডুৰ এই মন্তব্যই এতিয়াই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য়।চৌদিশে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

বচ্চু কাডুৱে মন্তব্য কৰে যে, অসমৰ লোকে হেনো কুকুৰ ভক্ষণ কৰে আৰু মহাৰাষ্ট্ৰৰ পথৰ কুকুৰৰ সমস্যা দূৰ কৰিবলৈ কুকুৰবোৰ অসমলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিব পাৰে বুলিও মন্তব্য আগবঢ়াই ।

ৰাজপথত পোৱা কুকুৰৰ বিৰুদ্ধে এক আঁচনি প্ৰস্তুতৰ পৰামৰ্শ দি কাডুৱে কয় যে প্ৰথম অৱস্থাত এই পৰীক্ষা এখন চহৰতে আৰম্ভ কৰিব লাগে।

বিধায়কগৰাকীৰ এই মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। লগতে পশু অধিকাৰ কৰ্মীসকলে এই পৰামৰ্শক অমানৱীয় আৰু অৱমাননামূলক বুলি অভিহিত কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − two =

Back to top button