শ্ৰেণীবিহীন

ৰহস্য! পুনৰ গুৱাহাটীৰ ৰিহেব চেন্টাৰত মহিলাৰ মৃত্যু!

১ মাহ পূৰ্বে পৰিয়ালৰ লোকে চেন্টাৰটোলৈ আনিছিল মহিলাগৰাকীক

পুনৰ গুৱাহাটীৰ ৰিহেব চেন্টাৰত মহিলাৰ ৰহস্যজনক মৃত্যু!

মৃত মহিলাগৰাকী হৈছে পাঠশালাৰ গিৰিজা মেধি, খাৰঘুলিৰ ফেইথ ফাউণ্ডেচনত মৃত্যু হয় মহিলাগৰাকীৰ। ফাউণ্ডেচন কৰ্তৃপক্ষৰ মতে মহিলাগৰাকীয়ে আত্মহত্যা কৰিছে
কিন্তু আৰক্ষী, পৰিয়ালৰ লোকৰ বিনা অনুপস্থিতিতে ফাউণ্ডেচন কৰ্তৃপক্ষই মৃতদেহটো ৰচি কাটি খিৰিকিৰ পৰা নমাই আনিলে।

১ মাহ পূৰ্বে পৰিয়ালৰ লোকে চেন্টাৰটোলৈ আনিছিল মহিলাগৰাকীক, ঘটনাটো আত্মহত্যা নহয় হত্যাৰ সন্দেহ ৰাজ্যিক ড্ৰাগছ বিৰোধী আৰু নিষিদ্ধকৰণ পৰিষদৰ অধ্যক্ষ মৃদুলা বৰকাকতিৰ। পূৰ্বৰ পৰাই বিভিন্ন অভিযোগ আছিল Faith Foundation নামৰ এই নিচামুক্তি কেন্দ্ৰৰ ওপৰত

স্বত্বাধিকাৰীয়ে কোনো ধৰণৰ অনুজ্ঞাপত্ৰ নোহোৱাকৈ চলাইছিল নিচামুক্তি কেন্দ্ৰটো, ৰাজ্যিক ড্ৰাগছ বিৰোধী আৰু নিষিদ্ধকৰণ পৰিষদৰ অধ্যক্ষৰ আগত কোনোধৰণৰ নথিপত্ৰ দেখুৱাবলৈ সক্ষম নহ’ল কেন্দ্ৰটোৰ স্বত্বাধিকাৰী।

নিচামুক্তি কেন্দ্ৰত থকা যুৱতীসকলক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ লাভ কৰিছে ৰাজ্যিক ড্ৰাগছ বিৰোধী আৰু নিষিদ্ধকৰণ পৰিষদৰ অধ্যক্ষই। ২ গৰাকী যুৱতী পূৰ্বেও পলাই গৈছিল Faith Foundation নামৰ এই নিচামুক্তি কেন্দ্ৰৰটোৰ পৰা।

২ যুৱতীয়ে লিখিত অভিযোগ দাখিল কৰিছিল ৰাজ্যিক ড্ৰাগছ বিৰোধী আৰু নিষিদ্ধকৰণ পৰিষদৰ ওচৰত। ইয়াৰ উপৰিও ওচৰ চুবুৰীয়াৰ পৰাও অভিযোগ পাইছিল বিভাগে। সমগ্র ঘটনা লতাশিল আৰক্ষীক ভালদৰে তদন্ত কৰিবলৈ নিৰ্দেশ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − seventeen =

Back to top button