Covid-19গুজৰাটভাৰত

গুজৰাটত পুনৰ ৭ দিনৰ বাবে বৃদ্ধি নৈশ সান্ধ্য আইন

গুজৰাটত পুনৰ ৭ দিনৰ বাবে বৃদ্ধি নৈশ সান্ধ্য আইন৷ ৩৬ চহৰত ২৮ মে’লৈ বলৱৎ হ’ব নৈশ কাৰ্ফিও৷ সন্ধিয়া ৮ বজাৰ পৰা পুৱা ৬ বজালৈ থাকিব সান্ধ্য আইন৷ অৱশ্যে কাৰ্ফিওৰ কালছোৱাত অব্যাহত থাকিব জৰুৰীকালীন সেৱা৷ আনহাতে পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ খোলা থাকিব দোকান-পোহাৰ। একেদৰে এই সময়ছোৱাত শ্বপিংমল সমূহ খোলা থাকিব৷

ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান আৰু ধাৰ্মিকস্থল সমূহো বন্ধ থাকিব৷ বিবাহানুষ্ঠানৰ অভ্যথৰ্ণাত উপস্থিত থাকিব পাৰিব মাত্ৰ ৫০ জন অতিথি৷ অন্ত্যোষ্টিক্ৰিয়াত ভাগ ল’ব পাৰিব ২০জন লোক৷

গুজৰাটত পুনৰ ৭দিনৰ সান্ধ্যআইনৰ সিদ্ধান্ত কথা সদৰি কৰে মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − four =

Back to top button