অসমক্ৰিকেটখেলগুৱাহাটীভাৰত

বৰ্ষাপাৰাত টেষ্ট ক্ৰিকেটৰ চমৎকাৰ আৰম্ভণি

সৰ্থেবাৰীৰ ৩৫ কেজি পিতলৰ ঘণ্টা বজাই গুৱাহাটী টেষ্টৰ ঐতিহাসিক সূচনা

বৰ্ষাপাৰাত টেষ্ট ক্ৰিকেটৰ চমৎকাৰ আৰম্ভণি। সৰ্থেবাৰীৰ ৩৫ কেজি পিতলৰ ঘণ্টা বজাই গুৱাহাটী টেষ্টৰ ঐতিহাসিক সূচনা। শেষ নৱেম্বৰৰ শীতত ধ্ৰুপদী ক্ৰিকেটৰ আমেজ ল’লে মহানগৰবাসীয়ে। প্ৰথম দিনৰ অন্তত ভাৰতৰ হাতত প্ৰথম টেষ্টৰ নিয়ন্ত্ৰণ। দিনান্তত ২৪৭ ৰানত ৬ টা উইকেট হেৰুৱাই শ’লঠেকত দক্ষিণ আফ্ৰিকা। এটাও অৰ্ধশতক নাহিল দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰৰ বেটৰ পৰা। ট্ৰিষ্টান ষ্টাবছৰ ৪৯ ৰানেই আছিল প্ৰথম দিনটোৰ সৰ্বাধিক ৰান। অৱশ্যে অধিনায়ক টেম্বা বাভুমাৰ ৪১ আৰু অপেনাৰ আইডেন মাৰ্কৰামৰ ৩৮ ৰানৰ সহায়ত কৰা দক্ষিণ আফ্ৰিকাৰ প্ৰথম দিনাৰ ২৪৭ ৰান তেনেই বেয়া সংগ্ৰহ নহয় বুলিয়েই বাভুমাই দাবী কৰিছে। পৰম্পৰা ভাঙি আজি লান্সৰ আগতেই গুৱাহাটী টেষ্টত হ’ল ‘টী-ব্ৰেক’।
তাৰ পূৰ্বে পুৱা যশপ্ৰীত বুমৰাহে ‘ব্ৰেক’ কৰিছিল দক্ষিণ আফ্ৰিকাৰ অপেনিং যুটি । গুৱাহাটীত লান্সৰ আগতেই চাহ বিৰতি আছিল টেষ্ট ক্ৰিকেটৰ এক নতুন ইতিহাস। টী-ৰ ঠিক পূৰ্ব ৰিকেলটনক বিদায় দি দক্ষিণ আফ্ৰিকাৰ ইনিংছত আঘাত হানিছিল যশপ্ৰীত বুমৰাহে। সাৱধানীভাৱে আৰম্ভণি কৰা দক্ষিণ আফ্ৰিকাৰ অপেনাৰ ৰিয়ান ৰিকেলটনক আউট কৰি গুৱাহাটী টেষ্টৰ প্ৰথম উইকেট লোৱা বলাৰত পৰিণত হ’ল বুমৰাহ। ২ উইকেটত ১৬৬ ৰান কৰি সুন্দৰ আৰম্ভণি কৰা দক্ষিণ আফ্ৰিকাই অন্তিম ৪টা উইকেট হেৰুৱালে মাথোঁ ৮১ ৰানত। কুলদীপ যাদৱৰ ৪৮ ৰানত লোৱা চাৰিটা উইকেটেই মেচলৈ ঘুৰাই আনিলে ভাৰতক। দিনটোত কুলদীপেই আছিল মেচৰ নায়ক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 2 =

Back to top button