উচ্ছেদ অভিযানক লৈ ৰণথলীত পৰিণত ছিপাঝাৰৰ গৰুখুঁটি। বেদখলকাৰীৰ বিৰুদ্ধে বৃহস্পতিবাৰে অসম আৰক্ষীয় চলায় উচ্ছেদ অভিযান।
পৰৱৰ্তী সময়ত এই পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে। প্ৰতিবাদকাৰীসকলে অসম আৰক্ষীৰ কথা মানিবলৈ অমান্তি হোৱাত সৃষ্টি হয় অবৰ্ণনীয় পৰিস্থিতিৰ।
ঘটনাস্থলীত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শূণ্যলৈ গুলী চলাবলৈ উদ্যত হয় অসম আৰক্ষী। এই হতাহতিতে অসম আৰক্ষীৰ কেইবাজনো জোৱান আহত হোৱাৰ পৰিৱৰ্তে প্ৰাণ হেৰুৱায় এজন প্ৰতিবাদকাৰীয়ে।
গৰুখুঁটিত, হাতত কেমেৰা লৈ আঘাটপ্ৰাপ্ত এজন ব্যক্তিৰ ওপৰত আক্ৰমণ চলাইছিল দৰং জিলা প্ৰশাসনৰ বিজয় বণিয়া নামৰ এজন ফটোগ্ৰাফাৰে। নিহত প্ৰতিবাদকাৰীজনৰ ওপৰত উপৰ্যুপৰি আক্ৰমণ কৰে বিজয় বণিয়াই। এই ফটোগ্ৰাফাৰজনে মৃত ব্যক্তিজনৰ ওপৰত অত্যাচাৰ কৰাৰ ভিডিঅ’ ক্ষণিকতে ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত। সকলোৱে বিজয় বণিয়াৰ এই কৰ্ম কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।
অৱশ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে লোকজনক।
Currently in Sipajhar, taking stock of the ground situation.
The cameraman who was seen attacking an injured man in a viral video has been arrested.As per wish of Hon. CM @himantabiswa I have asked CID to investigate the matter.
Cameraman Bijoy Bonia is in @AssamCid 's custody.— DGP Assam (@DGPAssamPolice) September 23, 2021
ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হৈছে CIDক। বৰ্তমান CIDৰ জিম্মাত আছে অভিযুক্ত বিজয় বণিয়া।