Socialঅসমআঞ্চলিক

গৰুখুঁটিত প্ৰতিবাদকাৰীৰ আক্ৰমণত আহত আৰক্ষী জোৱান মুনিৰ আহমেদৰ অৱস্থা সংকটজনক…

বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে ৮ জন প্ৰতিবাদকাৰী আৰু ৩ জন আৰক্ষী

উত্তপ্ত ছিপাঝাৰৰ গৰুখুঁটি। বেদখলকাৰীৰ বিৰুদ্ধে চলোৱা অসম আৰক্ষীৰ উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে গৰুখুঁটিত সৃষ্টি হোৱা হতাহতিত আহত হয় অসম আৰক্ষীৰ কেইবাজনো জোৱানৰ লগতে প্ৰতিবাদকাৰী।

আহত জোৱানকেইজনক ততাতৈয়াকৈ GMCHত ভৰ্তি কৰোৱা হয়। বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে ৮ জন প্ৰতিবাদকাৰী আৰু ৩ জন আৰক্ষী।

এজন আৰক্ষী আৰু দুজন প্ৰতিবাদকাৰীৰ অৱস্থা যথেষ্ট সংকটজনক। প্ৰতিবাদকাৰীৰ আক্ৰমণত আহত আৰক্ষী জোৱান ৫৮ বছৰীয়া মুনিৰ আহমেদৰ অৱস্থা যথেষ্ট সংকটজনক। মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আৰক্ষী বিষয়াজন। চিকিৎসাধীন অপূৰ্ব ৰংহাং(৩৫) আৰু অমৃত ৰাজ চৌধুৰী(৩৭)। আনহাতে ঘটনাত নাৰায়ণ শৰ্মা নামৰ এগৰাকী আৰক্ষী জোৱান আহত হৈছিল যদিও তেওঁক ইতিমধ্যে ৰিলিজ দিয়া হৈছে।

GMCHত চিকিৎসাধীন প্ৰতিবাদকাৰী লোক। চিকিৎসাধীন হৈ আছে এটি ১৩ বছৰীয়া কিশোৰ।

গৰুখুঁটিৰ ঘটনা সন্দৰ্ভত তদন্ত কমিটী গঠন ৰাজ্য চৰকাৰৰ। অৰুণাচলৰ পৰা অনা হৈছে ১১ টা কোম্পানী। গুজৰাটৰ পৰা আহি আছে ২১টা কোম্পানী। শীঘ্ৰেই উচ্ছেদ অভিযান চলোৱা হ’ব গৰুখুঁটিত।

উল্লেখ্য যে, ঘটনাত তৃতীয় পক্ষ জড়িত থাকিলে ৰেহাই নিদিয়াৰ হুংকাৰ চৰকাৰৰ। ইতিমধ্যে, ছিপাঝাৰৰ গৰুখুঁটি কাণ্ডৰ তদন্তৰ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.