অসমদুৰ্ঘটনা

সৰস্বতী পূজালৈ যাওঁতেই অঘটন, কৰুণ মৃত্যুক সাৱটিলে এজন ছাত্ৰই…

কলেজৰ সন্মুখতে AS-26C-5175 নম্বৰৰ এখন তীব্ৰবেগী ডাম্পাৰে খুন্দা মাৰে বাইকখনত। যাৰফলত দুজন গুৰুতৰভাৱে আহত হোৱাৰ লগতে এজনৰ মৃত্যু হয়। তিনিওজন যুৱকৰ ঘৰ হৈছে বৰক্ষেত্ৰীৰ ঘৰুৱাবাহত৷

সৰস্বতী পূজাৰ দিনাই ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত মৃত্যুক সাৱটিলে এজন কলেজীয়া ছাত্ৰই। মুকালমুৱাৰ বামুনবড়ীত সংঘটিত এই শোকাৱহ ঘটনা।

সৰস্বতী পূজালৈ বুলি ওলাই আহোতে প্ৰাণ হেৰুওৱা ছাত্ৰজনৰ নাম হৈছে সত্যজিত নাথ৷ তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হয় ছাত্ৰজন । বামুনবড়ী শ্বহীদ সোঁৱৰণী মহাবিদ্যালয়ৰ ছাত্ৰ আছিল ২১ বছৰীয়া সত্যজিত। দুৰ্ঘটনাত আহত হৈছে আৰু দুজন ছাত্ৰ ক্ৰমে ৰাহুল নাথ আৰু চম্পক নাথ। তিনিওজনে এখন গ্লেমাৰ বাইকেৰে দৌলাশাল দিশৰ পৰা আহি আহিছিল কলেজলৈ। কলেজৰ সন্মুখতে AS-26C-5175 নম্বৰৰ এখন তীব্ৰবেগী ডাম্পাৰে খুন্দা মাৰে বাইকখনত। যাৰফলত দুজন গুৰুতৰভাৱে আহত হোৱাৰ লগতে এজনৰ মৃত্যু হয়। তিনিওজন যুৱকৰ ঘৰ হৈছে বৰক্ষেত্ৰীৰ ঘৰুৱাবাহত৷

ইতিমধ্যে, আহত ছাত্ৰ ৰাহুল নাথক সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে।

সত্যজিত নাথৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনামূলক পৰিস্থিতিৰ সৃষ্টি হৈছে মুকালমুৱাত। ঘটনাৰ পিছতে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ শ শ উত্তেজিত ছাত্ৰ আৰু ৰাইজৰ৷ দৌলাশাল আৰক্ষী গ’ বেক ধ্বনিৰে উত্তাল হৈ পৰিছে মহাবিদ্যালয়ৰ চৌহদ। ইতিমধ্যে, দৌলাশাল আৰক্ষী চকীত আত্মসমৰ্পণ কৰিছে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − 13 =

Back to top button