অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

পবিত্ৰ বিধানসভাৰ মজিয়াত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক অকল্পনীয় আখ্যা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

পবিত্ৰ বিধানসভাৰ মজিয়াত বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা এনে মন্তব্যক অকল্পনীয় আখ্যা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

মাতৃ, ভগ্নীৰ প্ৰতি এনে দৃষ্টিভংগী নিন্দাজনক বুলিও ক’লে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীৰ এনে মন্তব্যৰ বিতৰ্কৰ পিছতেই বুধবাৰে মধ্যপ্ৰদেশত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত থকা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধী ঐক্যৰ নেতা নীতিশ কুমাৰৰ সমালোচনাত মুখৰ হৈ পৰে।

ইণ্ডিয়া মৰ্চাৰ নেতাগৰাকীৰ কোনো লজ্জা নাই বুলি কটাক্ষ কৰি প্ৰধানমন্ত্ৰীয়ে নীতিশ কুমাৰক আক্ৰমণৰ লক্ষ্য কৰি লয়।

লগতে I.N.D.I.A মৰ্চাৰ বাকী নেতাসকলৰ মুখ কিয় বন্ধ বুলিও প্ৰশ্ন প্ৰধানমন্ত্ৰীৰ।

বিৰোধী মৰ্চাৰ এগৰাকী নেতাই যদি এনে মন্তব্য কৰে, সেই বিৰোধীয়ে দেশৰ নাৰীক কি সন্মান দিব বুলিও প্ৰশ্ন প্ৰধানমন্ত্ৰীৰ।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − 14 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.