অপৰাধঅসমঅসম আৰক্ষী

জঘন্য, ককাকৰ কামনাৰ বলি ৪ বছৰীয়া নাতিনী…

ঘৰৰ ভিতৰত সোমোৱাই লম্পটটোৱে অশালীন ব্যৱহাৰ কৰাৰ কথা পৰৱৰ্তী সময়ত ব্যক্ত কৰে কণমানিজনীয়ে৷

মানৱ সমাজক লজ্জানত কৰা এক ঘটনাই জোকাৰি গ’ল বটদ্ৰৱা । বটদ্ৰৱাত সংঘটিত হৈছে এক জঘন্য ঘটনা ৷ ৬৫ বছৰীয়া লম্পটৰ কামনাৰ বলি ৪ বছৰীয়া সম্পৰ্কীয় নাতিনী৷

 

মঙলবাৰে, দুপৰীয়া বটদ্ৰৱাৰ ৰামপুৰত ইদ্ৰিছ আলী নামৰ এটা লম্পটে ৪ বছৰীয়া কণমানিজনীৰ সৈতে অশালীন ব্যৱহাৰ কৰে। নাতিনীসম ফুলকুমলীয়া কণমানিজনীক আচাৰৰ প্ৰলোভন দি ফুচুলাই ঘৰলৈ লৈ যায় ইদ্ৰিছ আলীয়ে। ঘৰৰ ভিতৰত সোমোৱাই লম্পটটোৱে অশালীন ব্যৱহাৰ কৰাৰ কথা পৰৱৰ্তী সময়ত ব্যক্ত কৰে কণমানিজনীয়ে৷

এই ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানে সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ঘটনা সন্দৰ্ভত ইতিমধ্যে কণমানিৰ পৰিয়ালৰ লোকে বটদ্ৰৱা আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। আনহাতে, বৰ্তমানেও পলাতক অৱস্থাত আছে লম্পট বৃদ্ধ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.