অপৰাধঅসমআঞ্চলিক

চিকিৎসকৰ নামত কলংক! কিশোৰীক অকথ্য নিৰ্যাতন চিকিৎসকৰূপী দানৱৰ

পুনৰ সম্ভ্ৰান্ত চিকিৎসকৰ হাতত নিৰ্যাতিত কিশোৰী

পুনৰ সম্ভ্ৰান্ত চিকিৎসকৰ হাতত নিৰ্যাতিত কিশোৰী। ঘৰলৈ কাম কৰিবলৈ আনি কিশোৰীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলালে চিকিৎসকে।

চিকিৎসক, শিক্ষকৰ হাতত ঘৰৰ বনকৰা ছোৱালী, ল’ৰা নিৰ্যাতিত হোৱাৰ ঘটনাই প্ৰায়ে দখল কৰে সংবাদ শিৰোনাম। এনে এক ঘটনাৰে পুনৰাবৃত্তি হ’ল যোৰহাটৰ তিতাবৰত। চিকিৎসকৰ নামটোত কলংক সানিলে এগৰাকী চিকিৎসকে।

নিৰ্যাতিত কিশোৰী গৰাকীৰ ঘৰ লখিমপুৰত। তিতাবৰৰ এগৰাকী সম্ভ্ৰান্ত চিকিৎসকৰ ঘৰলৈ কাম কৰিবলৈ লৈ অহা হৈছিল ১৩ বছৰীয়া কিশোৰীগৰাকীক।

জৈনৈক ৰীচা নামৰ চিকিৎসকগৰাকীয়ে কাম কৰিব নোৱাৰিলে প্ৰায়ে নিৰ্যাতন চলাইছিল কণমানিগৰাকীক। দীৰ্ঘদিন ধৰি নিৰ্যাতনৰ বলি হোৱা কিশোৰীগৰাকীয়ে অৱশেষত সিদ্ধান্ত ল’লে মালিকৰ ঘৰ এৰি যোৱাৰ।  চিকিৎসকগৰাকীৰ পৰা বাচিবলৈ মালিকৰ ঘৰৰ পৰা পলাই আহি যোৰহাট বাছ আস্থানত বাছত উঠিবলৈ লওতে যোৰহাট আৰক্ষীয়ে উদ্ধাৰ কৰে কিশোৰী গৰাকীক।

বৰ্তমান যোৰহাট সদৰ আৰক্ষী থানাৰ পৰা চাইল্ড লাইন নামৰ সংগঠনটোয়ে আশ্ৰয় গৃহলৈ লৈ গৈছে কিশোৰী গৰাকীক। অৱশ্যে ৰাজ্যত বাৰে-বাৰে সংঘটিত হোৱা এনে শিশু নিৰ্যাতনৰ ঘটনাই বাৰে-বাৰে উদঙাইছে সম্ভ্ৰান্ত পৰিয়ালৰ ফোঁপোলা স্বৰূপ।

ভদ্ৰতাৰ মুখা পিন্ধি শিশুসকলক নিৰ্যাতন চলোৱা একাংশৰ প্ৰতি আৰক্ষী প্ৰশাসনে কিদৰে ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − 12 =

Back to top button