AssamCity newsCMO AssamInternationalnorth eastPMo indiapoliticalRegionalSocialSocial Networkআঞ্চলিকআন্তঃৰাষ্ট্ৰীয়চাকৰিদৈনিক বাতৰি

এইবাৰ নিৰ্বাচন খেলিব আনন্দ মিশ্ৰই!

কোন দলৰ পৰা খেলিব নিৰ্বাচন

আনন্দ মিশ্ৰই নিৰ্বাচন খেলিবনে? আনন্দৰ পৰৱৰ্তী স্থিতি কি হ’ব ? বিহাৰৰ বক্সৰ সমষ্টিৰ পৰা বিজেপিৰ হৈ টিকট প্ৰত্যাশী আছিল আনন্দ মিশ্ৰ, কিন্তু সমষ্টিটোত প্ৰাৰ্থিত্ব আগবঢ়াবলৈ অনুমোদন লাভ কৰিলে মিথিলেশ তিৱাৰীয়েহে । শেহতীয়াকৈ হোলীৰ দিনকেইটাত সমৰ্থকৰ সৈতে আলোচনাত মিলিত হয় আনন্দ মিশ্ৰই । আলোচনা কৰাৰ সময়ত সমৰ্থকে বক্সৰত আনন্দ মিশ্ৰকহে ভোট দিম বুলি কয় । আনকি বক্সৰৰ ভোটাৰৰ ভোট বহিৰাগতলৈ নহয় বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সমৰ্থকসকলে । ইয়াৰ বিপৰীতে মিশ্ৰই কয় যে ‘‘মই বক্সৰৰ বাবেই আহিছো । বক্সৰৰ হৈ কাম কৰিম । ভগৱানেহে জানে কি ক্ষেত্ৰত কাম কৰিম।’’ অৱশ্যে মিশ্ৰই পুনৰ তেওঁৰ পূৰ্বৰ কৰ্ম ক্ষেত্ৰলৈ ওভতি নাযায় বুলিও স্পষ্ট কৰি দিয়ে সংবাদ মাধ্যমক । আনন্দ মিশ্ৰৰ মাতৃভূমি বিহাৰত সেৱা কৰিম বুলি IPS চাকৰি এৰি দিছিল আনন্দ মিশ্ৰই । নতুন সপোনৰ পম খেদি অসম এৰি বিহাৰলৈ ৰাওনা হৈছিল আনন্দ মিশ্ৰ । এতিয়া পৰৱৰ্তী সময়ত নিৰ্বাচনত জয়ী হয় নে নহয় সেইকথাতকৈ আনন্দ মিশ্ৰৰ IPS চাকৰি এৰি বিহাৰৰ উন্নয়ন আৰু সেৱাৰ কথাই তাপৰ্য্য বহন কৰিছে ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 4 =

Back to top button