AssamCity newsCMO AssamCultureEntertainmentFestivalInternationalleatest updatenationalঅসমউৎসৱগুৱাহাটীদৈনিক বাতৰিপৰ্যটনবিশ্বভাৰতমনোৰঞ্জনৰাজনৈতিকসংগীতসংস্কৃতিসাহিত্য

তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জাগীৰোডত অনুষ্ঠিত হ’ব ঐতিহাসিক জোনবিল মেলা….

তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জাগীৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত হ’ব ঐতিহাসিক জোনবিল মেলা। গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে আয়োজক সমিতিয়ে । উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে জোনবিলৰ পাৰত। বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ মিলনভূমি জোনবিলৰ পাৰত দেখিবলৈ পোৱা যাব পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ অন্যতম নিদৰ্শন। বৃহস্পতিবাৰে পুৱাই মেলালৈ আগমন ঘটিব পাহাৰৰ মামা মামীৰ। লগত লৈ আহিব পাহাৰত উৎপাদিত কৃষি দ্ৰব্য আদা হালধি, জালুক জলকীয়া, লাও-কোমোৰা আদি। মেলাত গোভাৰজা সমন্বিতে ভোজভাত খাব ৰজাৰ বা-বিষয়া সকলে। এইবেলিও ইউনেস্ক’ৰ এটা দল উপস্থিত হ’ব জোনবিল মেলাৰ প্ৰথম দিনটোত। শুকুৰবাৰে কাহিলি পুৱাতে সম্পাদন হ’ব ঐতিহাসিক বিনিময় প্ৰথাৰ হাট। অনুষ্ঠিত হ’ব জোনবিলত সমূহীয়া মাছ মৰা পৰ্ব। ইয়াৰ পিছতে অনুষ্ঠিত হ’ব মধ্য অসমৰ পৰম্পৰাগত তিৱা ৰজাসকলৰ ৰাজদৰবাৰ। এই ৰাজদৰবাৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। ৰাজদৰবাৰত ১৯ গৰাকী তিৱা ৰজাক মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব ৰাজভাত্তা।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four − 1 =

Back to top button