Internationalleatest updateখেলবিশ্বমনোৰঞ্জন

ফিফাৰ বেষ্ট অফ দা ইয়েৰত মেছিৰ শিৰতে ‘শ্ৰেষ্ঠ ফুটবলাৰ’ৰ সন্মান

আশা কৰা ধৰণেই সফল হ'ল ফুটবলৰ মহা তাৰকা লিঅ'নেল মেছি৷

আশা কৰা ধৰণেই সফল হ’ল ফুটবলৰ মহা তাৰকা লিঅ’নেল মেছি৷ ফিফাৰ বছৰটোৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে যেন মেছিক বাছনি কৰাৰ বাদে আন কাৰোবাক বাছনি কৰাটো প্রায় অসম্ভৱ আছিল।

লিঅ’নেল মেছিক ২০২২ চনৰ বৰ্ষৰ ফুটবলাৰ হিচাপে মনোনীত কৰা হৈছে। মেছিয়ে ক্লাবৰ সতীর্থ কেলিয়ান এমবাপে আৰু বেলন ডি’অৰ বিজয়ী কৰিম বেঞ্জেমাক চেৰ পেলাই এই সন্মানৰ অধিকাৰী হ’বলৈ সক্ষম হৈছে৷ আনহাতে এলেক্সিয়া পুটেলাছক বছৰটোৰ শ্ৰেষ্ঠ মহিলা ফুটবলাৰ হিচাপে মনোনীত কৰা হৈছে।

ফিফাৰ বেষ্ট অফ দা ইয়েৰত মেছিৰ শিৰতে 'শ্ৰেষ্ঠ ফুটবলাৰ'ৰ সন্মান

এফ চি বাৰ্চিলোনা দলৰ স্পেনিছ মিডফিল্ডাৰ এলেক্সিয়া পুটেলাছে শ্রেষ্ঠ মহিলা খেলুৱৈৰ বঁটাৰ বাবে মনোনীত হৈছে ৷

বছৰটোৰ শ্ৰেষ্ঠ ফুটবলখেলুৱৈজনক প্ৰতিখন দেশৰ ৰাষ্ট্ৰীয় দলৰ প্ৰশিক্ষক, অধিনায়ক আৰু সাংবাদিকৰ ভোটৰ দ্বাৰা বাছনি কৰা হয়।

২০২২ ৰ শ্ৰেষ্ঠ ফুটবলাৰৰ দৌৰত এইবাৰ মেছি, এমবাপে আৰু বেঞ্জেমা আছিল। ফ্ৰান্সৰ তাৰকা এমবাপেয়ে বিশ্বকাপৰ ফাইনেলত হেট্ৰিক অৰ্জন কৰিছিল।

অৱশেষত, আর্জেণ্টিনাই পেনাল্টি শট আউটলৈ গৈ বিশ্বকাপ জিকিছিল। ৩৬ বছৰৰ পিছত কাপটো নীলা-বগা জাৰ্চী পিন্ধা খেলুৱৈসকলৰ হাতলৈ গৈছিল ৷

ফিফাৰ বেষ্ট অফ দা ইয়েৰত মেছিৰ শিৰতে 'শ্ৰেষ্ঠ ফুটবলাৰ'ৰ সন্মান

সপোন পূৰণ কৰাৰ বছৰটোত ফিফাৰ বৰ্ষৰ শ্ৰেষ্ঠ ফুটবলাৰৰ সন্মানও মেছিৰ হাতলৈয়ে যাব বুলি বহুতে ধাৰণা কৰিছিল৷ ক্ৰিষ্টিয়ানো ৰোনালদো আৰু ৰবাৰ্ট লিয়ণ্ডোস্কিয়ে দুবাৰকৈ ফিফা প্লেয়াৰ অফ দা ইয়েৰ জিকিছে।

অৱশ্যে এই সন্মানক লৈ এক বিতর্কও হৈছিল। বহুতে অভিযোগ কৰিছিল যে আনুষ্ঠানিক ঘোষণাৰ আগতে শ্ৰেষ্ঠ খেলুৱৈজনৰ নাম লিক হৈছিল।

ফুটবল অনুৰাগীসকলে ইতিমধ্যে জানিছিল যে মেছি শ্ৰেষ্ঠ ফুটবলাৰ হ’বলৈ গৈ আছে। কেৱল মেছিয়েই নহয়, ফিফাৰ শ্ৰেষ্ঠৰ তালিকাত আৰ্জেণ্টিনাৰ বহুতো ফুটবলাৰ আছে ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen + sixteen =

Back to top button