অপৰাধমিজোৰাম

আত্মঘাতী বোমা ব্যৱহাৰ কৰি মুকলি বজাৰত মহিলাক হত্যা কৰিলে প্ৰাক্তন স্বামীয়ে

গোটেই ঘটনাটো দম্পতীহালৰ জীয়েকে প্ৰত্যক্ষ কৰিছিল

মিজোৰামৰ লুংলেই জিলাৰ এখন মুকলি বজাৰত এগৰাকী মহিলাক তেওঁৰ প্ৰাক্তন স্বামীয়ে হত্যা কৰে। পু ৰোহমিংলিয়ানা নামৰ প্ৰাক্তন স্বামীজনে এটা আত্মঘাতি বোমা ব্যৱহাৰ কৰি তেওঁৰ পত্নীক হত্যা কৰে।

৬১বছৰ বয়সৰ পাই লালথিয়াংলিমি বুলি চিনাক্ত কৰা মহিলাগৰাকী লুংলেই জিলাৰ বাসিন্দা। হত্যাৰ ঘটনাটো মঙলবাৰে হমাৰ পিপলছ কনভেনচন (এইচপিচি) কাৰ্যালয়ৰ ওচৰত সংঘটিত হয়।

গোটেই ঘটনাটো দম্পতীহালৰ জীয়েকে প্ৰত্যক্ষ কৰিছিল, যিহেতু তাই মাকৰ কাষতে এখন সৰু দোকান চলায়। প্ৰাক্তন স্বামী ৰোহমিংলিয়ানাৰ পত্নীক বজাৰত পাচলি বিক্ৰী কৰিবলৈ গৈছিল বুলি ভুক্তভোগীৰ জীয়েকে দাবী জনায়।

জীয়েকে লগতে জনায় যে দম্পতীহালৰ বিবাহ বিচ্ছেদ হোৱা প্ৰায় এমাহৰো অধিক সময় হৈছিল। প্ৰাক্তন স্বামীজনক লগে লগে অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও তেওঁৰ গুৰুতৰ আঘাতৰ ফলত মৃত্যু হয়।

অভিযোগ অনুসৰি ৰোহমিংলিয়ানাই অসুস্থ অনুভৱ কৰাৰ ভাও ধৰিছিল আৰু বোমাটো হঠাতে বিস্ফোৰণ হোৱাৰ সময়ত তেওঁৰ প্ৰাক্তন পত্নীৰ ওপৰত হেলান দিছিল, যাৰ ফলত ঘটনাস্থলীত লালথিয়াংলিমীৰ মৃত্যু হৈছিল।

পৰবৰ্তী অনুসন্ধান চলি আছে, আৰু অধিক বিৱৰণৰ বাবে অপেক্ষা কৰা হৈছে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − 1 =

Back to top button