জীৱনশৈলীস্বাস্থ্য

যৌন ইচ্ছা হ্ৰাস পাইছে নেকি? জানি লওঁক কাৰণসমূহ…

যৌন সম্পৰ্কীয় যিকোনো বিকাৰ অনুভৱ কৰিলেই ততালিকে চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে

যৌন ইচ্ছা হেৰাইছে নেকি?

সকলো ব্যক্তিয়েই নিজৰ বৈবাহিক জীৱনটো সুখেৰে অতিবাহিত কৰিব বিচাৰে আৰু ইয়াৰ বাবে যথাসম্ভৱ প্ৰয়াসো কৰে। কিন্তু মানুহক এনে কিছু ৰোগে আক্ৰমণ কৰে, যিবোৰৰ ফলত গম নাপোৱাকৈয়ে তেওঁৰ যৌন চেতনাও হ্ৰাস পাবলৈ ধৰে। ফলত বৈবাহিক জীৱনত ইয়াৰ প্ৰভাৱ পৰা দেখা যায় আৰু সুখ নাইকিয়া হ’বলে ধৰে।

বিভিন্ন বয়সত মানুহৰ যৌন সম্পৰ্কীয় ৰোগ হ’ব পাৰে। যেনে, যৌন অক্ষমতা, ছেক্স হৰম’ন সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হোৱা ইত্যাদি। যৌন সম্বন্ধীয় ৰোগ আৰু অক্ষমতা আদি সমস্যাৰ পৰা ৰেহাই পাবলৈ মানুহে বহু সময়ত ঔষধ সেৱন কৰা দেখা যায়। কিন্তু এনে ঔষধ সেৱনে দীঘলীয়া সময়ত অধিক ক্ষতিগ্ৰস্তহে কৰে। ফলত শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনীহাৰ সৃষ্টি হয়। কিন্তু এনে সমস্যা কিয় হয়, সেই বিষয়েও সকলোৱে জনা উচিত।

এনে কেতবোৰ ঔষধ আছে যিবোৰ মানুহে সচৰাচৰ সাধাৰণ ৰোগ দূৰ কৰিবলৈ ব্যৱহাৰ কৰে। কিন্তু সেইবোৰ ঔষধ সেৱন কৰিলেও মানুহৰ কামোত্তেজনা হ্ৰাস পাবলৈ আৰম্ভ কৰিব পাৰে। যেনে, উচ্চ ৰক্তচাপৰ ঔষধ, হৰম’ন সম্পৰ্কীয় ঔষধ, বিষ নিবাৰক, এজমাৰ ঔষধ, এণ্টি-ডিপ্ৰেচনৰ ঔষধ, আলচাৰৰ চিকিৎসাৰ ঔষধ আদি নিয়মিতভাৱে গ্ৰহণ কৰিলে মানুহৰ যৌন ইচ্ছা হ্ৰাস পাব পাৰে।

কেতিয়াবা তেওঁৰ সক্ষমতা সম্পৰ্কত শংকিত হৈ পৰাৰ বাবেও শীঘ্ৰপতন ঘটিব পাৰে।

কেতিয়াবা যৌনতা সম্পৰ্কীয় ভ্ৰম বা কল্পনাৰ কাহিনীৰ বাবেও মানুহৰ কাম ইচ্ছা হ্ৰাস পাব পাৰে। যেনে, কোনো মাধ্যমৰ জৰিয়তে প্ৰাপ্ত ভুল তথ্য, কেতবোৰ কু-অভিজ্ঞতা, যৌন কাৰ্যৰ প্ৰতি সম্পূৰ্ণৰূপে সচেতন নোহোৱাৰ ইত্যাদি।

পৰিয়ালৰ প্ৰতি থকা দায়িত্বৰ বোজা আৰু অতিমাত্ৰা ব্যস্ত জীৱনশৈলীও এটা কাৰণ হ’ব পাৰে।

শৰীৰত টেষ্ট’টেৰন হৰম’নৰ স্তৰ হ্ৰাস পালেও যৌন সংগমত লিপ্ত হোৱাৰ বাসনা ম্লান হয়।

শৰীৰত যৌন সম্পৰ্কীয় দুৰ্বলতাৰ সৃষ্টি হ’লে আৰু আন কোনো ৰোগৰ বাবে শৰীৰ দুৰ্বল হ’লেও তাৰ পোনপটীয়া প্ৰভাৱ ব্যক্তিজনৰ যৌনশক্তিত পৰে।

যৌন সংগমৰ প্ৰতি ভুল ধাৰণাৰ বশৱৰ্তী হ’লেও কোনো কোনো সময়ত যৌন ইচ্ছা হ্ৰাস পোৱা দেখা যায়।

যৌন সম্পৰ্কীয় যিকোনো বিকাৰ বা ৰোগৰ লক্ষণ অনুভৱ কৰিলেই ততালিকে চিকিৎসকৰ কাষ চাপি চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − 10 =

Back to top button