অসম

‘বিজেপিৰ মিটিঙলৈ গ’লে ২০০ টকা পায়, কিন্তু কংগ্ৰেছৰ সভালৈ গ’লে ২০০ টকা যায়’…

আলফা(স্বাঃ)এ দুজন অসমীয়া যুৱকক মৃত্যুদণ্ড দিয়া ঘটনাৰ পিছতেই মৃত্যুদণ্ড কেৱল ন্যায়ালয়েহে দিব পাৰে বুলি কৈ মুখ্যমন্ত্ৰীয়ে নিজকেই সকিয়নীহে দিছে বুলি মন্তব্য কৰে ভূপেন বৰাই। লগতে বিদ্ৰোহী সংগঠনটোক আলোচনালৈ আহিবলৈও আহ্বান জনায়।

কাইলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালৰ প্ৰথম বৰ্ষপূৰ্তি। বৰ্ষপূৰ্তি উপলক্ষে কৰা হৈছে বিশাল আয়োজন। গৃহমন্ত্ৰী অমিত শ্বাহেও অংশ ল’ব বৰ্ষপূৰ্তিৰ কাৰ্যসূচীত।

 

এই অনুষ্ঠানৰ পূৰ্বে বিশেষ মন্তব্য প্ৰদান ভূপেন বৰাৰ। মুখ্যমন্ত্ৰীৰ বৰ্ষপূৰ্তিৰ পূৰ্বে নাৰায়ণপুৰৰ ৰাজীৱ ভৱনত অনুষ্ঠিত কংগ্ৰেছৰ ‘জুইয়ে পোৰা সোণ’ৰ এক অনুষ্ঠানত মূল্যবৃদ্ধি, অৰুণোদয় আঁচনি সম্পৰ্কত মন্তব্য আগবঢ়াই হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰে ভূপেন বৰাই। তেওঁ কয় যে, হিমন্ত বিশ্ব শৰ্মা ভাৰতৰ প্ৰথমজন মুখ্যমন্ত্ৰী, যিয়ে একাউণ্টৰ মই কৰিবলৈ কৈছোঁ বুলি কৈ মানুহক হত্যা কৰিছে। আলফা(স্বাঃ)এ দুজন অসমীয়া যুৱকক মৃত্যুদণ্ড দিয়া ঘটনাৰ পিছতেই মৃত্যুদণ্ড কেৱল ন্যায়ালয়েহে দিব পাৰে বুলি কৈ মুখ্যমন্ত্ৰীয়ে নিজকেই সকিয়নীহে দিছে বুলি মন্তব্য কৰে ভূপেন বৰাই। লগতে বিদ্ৰোহী সংগঠনটোক আলোচনালৈ আহিবলৈও আহ্বান জনায়।

 

কেৱল এয়াই নহয়, তেওঁ কয় যে, কাইলৈ বিজেপিৰ প্ৰথম বৰ্ষপূৰ্তি নহয়, ৬ বছৰীয়া বৰ্ষপূৰ্তিহে। বিজেপিৰ মিটিঙলৈ গ’লে ২০০ টকা পায়, কিন্তু কংগ্ৰেছৰ সভালৈ গ’লে ২০০ টকা যায়হে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − 14 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.