অসমখাদ্যস্বাস্থ্য

গুৰৰ এইকেইটা চমৎকাৰী গুণাগুণ আপুনি জানেনে? জানিলে আজিৰ পৰাই আৰম্ভ কৰিব গুৰ খাবলৈ…

বগা চেনীৰ তুলনাত গুৰ অধিক উপকাৰী। ইয়াক চেনীৰ বাবে এক স্বাস্থ্যকৰ বিকল্প বুলি গণ্য কৰা হয়

গুৰ (Jaggery) বুলিলে সেই মিঠা সুস্বাদু দ্ৰব্য বিধলৈ মনত পৰে, যাৰ ব্যৱহাৰ অসমীয়া সমাজত অত্যন্ত বেছি।
গুৰ সাধাৰণতে কেঁচা কুঁহিয়াৰৰ ৰসৰ পৰা প্ৰস্তুত কৰা হয়। কুঁহিয়াৰৰ ৰস উতলাই আৰু তাৰ পিছত ডাঠ স্ফটিক প্ৰস্তুত কৰাৰ বাবে ইয়াক গৰম কৰি গুৰ তৈয়াৰ কৰা হয়।

বগা চেনীৰ তুলনাত গুৰ অধিক উপকাৰী। ইয়াক চেনীৰ বাবে এক স্বাস্থ্যকৰ বিকল্প বুলি গণ্য কৰা হয় কিয়নো ই অপৰিশোধিত। গুৰে মানৱ শৰীৰত অতিৰিক্ত কেলৰি প্ৰদান কৰে। ইয়াত বিভিন্ন প্ৰকাৰৰ ভিটামিন আৰু খনিজ থাকে যি শৰীৰৰ বাবে প্ৰয়োজনীয়।

গুৰৰ বহুতো উপকাৰীতা আছে। যেনে,

১. কোষ্ঠ – কাঠিন্য প্ৰতিৰোধক
কোষ্ঠ কাঠিন্য আৰোগ্য লাভৰ বাবে গুৰৰ বিশেষ উপকাৰিতা আছে। গুৰে শৰীৰৰ পাচন এনজাইমবোৰ সক্ৰিয় কৰে, অন্ত্ৰৰ চলাচল উদ্দীপিত কৰে আৰু এনেদৰে কোষ্ঠ কাঠিন্য প্ৰতিৰোধ আৰু উপশম কৰাত সহায় কৰে।

২. যকৃত বিষমুক্তকৰণ কৰে
গুৰ হৈছে এক প্ৰাকৃতিক শৰীৰৰ পৰিষ্কাৰক। গুৰে শৰীৰৰ পৰা ক্ষতিকাৰক বিষাক্ত পদাৰ্থ উলিয়াই যকৃত পৰিষ্কাৰ কৰাত সহায় কৰে। গতিকে শৰীৰৰ ভিতৰভাগ বিষমুক্ত কৰিবৰ বাবে নিয়মীয়াকৈ এটুকুৰা সেৱন কৰিব লাগে।

৪. তেজ পৰিশোধক
গুৰৰ এটা গুনাগুন হ’ল তেজ বিশুদ্ধ কৰাৰ সামৰ্থ। নিয়মীয়াকৈ গুৰৰ সেৱনে তেজ পৰিষ্কাৰ কৰে আৰু শৰীৰ স্বাস্থ্যৱান কৰি ৰাখে। পৰিষ্কাৰ তেজৰ অৰ্থ হ’ব এক , ৰোগমুক্ত শৰীৰ।

১১.ৰক্তচাপ নিয়ন্ত্ৰণ কৰে
গুৰত পটেছিয়াম আৰু ছডিয়াম থাকে যি শৰীৰত এচিডৰ স্তৰৰ ভাৰসা্ম্যতা বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই নিশ্চিত কৰে যে ৰক্তচাপৰ স্বাভাৱিক স্তৰ সঠিকভাৱে বজাই ৰখা হয়।

৫. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে গুৰত এণ্টি অক্সিডেণ্ট আৰু খনিজ যেনে জিংক আৰু চেলেনিয়াম থাকে, যি মুক্ত ৰেডিকেল ক্ষতি প্ৰতিৰোধ কৰাত সহায় কৰে আৰু লগতে সংক্ৰমণৰ বিৰুদ্ধে শৰীৰত প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে।

৭. ঋতুস্ৰাৱৰ বিষ হ্ৰাস কৰে
গুৰ হৈছে ঋতুস্ৰাৱৰ সমস্যাৰ বাবে এক কাৰ্যকৰী প্ৰাকৃতিক চিকিৎসা, বিশেষকৈ পেট কামুৰণিৰ পৰা সকাহ প্ৰদান কৰে গুৰে। ঋতুস্ৰাৱৰ ঠিক আগতে হোৱা mood swings আৰু PMS ৰ লক্ষণবোৰৰ দেখা দিলে সেইবোৰৰ সৈতে যুঁজিবলৈ দৈনিক এক টুকুৰা গুৰ খাব লাগে।

৮. ৰক্তহীনতা প্ৰতিৰোধ কৰেগুৰত লো আৰু ফলেট থকা বাবে লোহিত ৰক্ত কণিকাৰ স্বাভাৱিক স্তৰ বজাই ৰখাতো নিশ্চিত কৰি ৰক্তহীনতা প্ৰতিৰোধ কৰাত সহায় কৰে। সেইয়ে গুৰ গৰ্ভৱতী মহিলাৰ বাবেও বিশেষভাৱে উপকাৰী। তদুপৰি ই শৰীৰক তাৎক্ষণিক শক্তি প্ৰদান কৰে।

১৪. ওজন হ্ৰাস
ওজন হ্ৰাস কৰাত গুৰ বিশেষভাৱে কাৰ্যকৰী। ইয়াৰ কাৰণ হৈছে গুৰ হৈছে পটেছিয়ামৰ এক সমৃদ্ধ উৎস, ই শৰীৰৰ অবাঞ্চিত ওজন হ্ৰাস কৰাত সহায় কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.