অভিনয়বলিউডবোলছবিভাৰতমনোৰঞ্জন

বিবাহৰ পাছত প্ৰথমটো ‘ভেলেনটাইন ডে’ত কেটৰিনা থাকিব ছলমান খানৰ সৈতে! কিন্তু কিয়?

চুপাৰষ্টাৰ ছলমান খানে আৰু কেটৰিনা কাইফে এই শনিবাৰে মুম্বাইৰ যশ ৰাজ ফিল্মছ ষ্টুডিঅ'ত 'টাইগাৰ ৩'ৰ শ্বুটিঙৰ কাম পুনৰ আৰম্ভ কৰিবলৈ সাজু হৈছে

বিবাহৰ পাছত প্ৰথমটো ‘ভেলেনটাইন ডে’ একেলগে কটাব ছলমান খান আৰু কেটৰিনা কাইফে। কিন্তু কিয়?

চুপাৰষ্টাৰ ছলমান খানে আৰু কেটৰিনা কাইফে এই শনিবাৰে মুম্বাইৰ যশ ৰাজ ফিল্মছ ষ্টুডিঅ’ত ‘টাইগাৰ ৩’ৰ শ্বুটিঙৰ কাম পুনৰ আৰম্ভ কৰিবলৈ সাজু হৈছে। ছলমান খান আৰু কেটৰিনা কাইফে ১৪ ফেব্ৰুৱাৰীৰ পৰা নতুন দিল্লীত ছবিখনৰ অন্তিমটো দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰিব।

‘টাইগাৰ ৩’ৰ দৃশ্যগ্ৰহণত জড়িত সকলো অভিনেতা আৰু টেকনিচিয়ানক ইতিমধ্যে কৰোনাৰ বাবে পৰীক্ষা কৰা হৈছে। শনিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া এই দৃশ্যগ্ৰহণৰ বাবে কিছুমান অন্তৰংগ দৃশ্যতো চিত্ৰগ্ৰহণ কৰিব লাগিব।

১৩ তাৰিখে দিল্লীলৈ ৰাওনা হ’ব দুয়োজনে। ভেলেণ্টাইন দিৱসত দিল্লীত ‘টাইগাৰ ৩’ৰ দৃশ্যগ্ৰহণ কৰাৰ কথা আছে। দিল্লীত চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ প্ৰায় দুসপ্তাহ ধৰি চলিব আৰু ইয়াৰ সৈতে ‘টাইগাৰ ৩’ চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ হ’ব। চলচ্চিত্ৰখনৰ মুক্তিৰ তাৰিখ এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two + ten =

Back to top button