বৃটেইনৰ যাদুঘৰত সংঘটিত হৈছে চুৰিকাণ্ড
বৃটেইনৰ যাদুঘৰত সুৰক্ষিত নহয় নেকি অসমৰ বৃন্দাবনী বস্ত্ৰ?

বৃটেইনৰ যাদুঘৰত সুৰক্ষিত নহয় নেকি অসমৰ বৃন্দাবনী বস্ত্ৰ? তাক লৈ অসমবাসীৰ এতিয়া উদ্বিগ্নতা বাঢ়িছে।
বৃটেইনৰ যাদুঘৰত সংঘটিত হৈছে চুৰিকাণ্ড। পেৰিচৰ পাছত বৃটেইনৰ যাদুঘৰত চোৰৰ লুটপাত। বৃটিছ সাম্ৰাজ্যৰ দুৰ্লভ সামগ্ৰী লৈ উধাও চোৰ। ঔপনিৱেশিক যুগৰ অমূল্য ভাৰতীয় সম্পদো চুৰি। ৪ চোৰৰ সন্ধানত বৃটিছ আৰক্ষীৰ অভিযান।
পেৰিচৰ লুভৰ যাদুঘৰত চোৰে তাণ্ডৱ চলোৱাৰ পাছত এইবাৰ বৃটেইনৰ বৃস্তল যাদুঘৰত চোৰৰ লুটপাত। বৃটিছ সাম্ৰাজ্যৰ আমোলৰ ৬০০ৰো অধিক ঐতিহ্য বহন কৰা দুষ্প্ৰাপ্য সামগ্ৰী লুটি নিলে চোৰে। বৃস্তলৰ ‘বৃটিছ এম্পায়াৰ এণ্ড কমনৱেল্থ’ নামৰ ঐতিহাসিক এই যাদুঘৰটোত ভাৰতৰ ঐতিহ্য বহন কৰা দুৰ্লভ সামগ্ৰী আছে। বৃটিছে শাসন কৰাৰ সময়ত ভাৰতৰ পৰা এই দুষ্প্ৰাপ্য শিল্পকৰ্ম বৃটেইনলৈ লৈ যোৱা হৈছিল। ঐতিহাসিক যাদুঘৰটোত সংঘটিত চুৰিকাৰ্যৰ ঘটনা বহু বিলম্বকৈ পোহৰলৈ আহিছে।
নিশা ১-২ বজাৰ ভিতৰত ২৫ ছেপ্টেম্বৰত সংঘটিত হৈছিল চুৰিকাৰ্য। ৪ চোৰে দুৱাৰ ভাঙি প্ৰৱেশ কৰিছিল যাদুঘৰটোত। CCTV ফুটেজত ৪ লোকে যাদুঘৰটোত প্ৰৱেশ কৰাৰ দৃশ্য স্পষ্ট। চোৰে লুটি নিয়া সামগ্ৰীৰ মাজত আছে- হাতীৰ দাঁতেৰে তৈয়াৰী বুদ্ধৰ মূৰ্তি, বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়াৰ বেল্টৰ বকলেছ। বিশ্বৰ বিভিন্ন দেশত থকা বৃটিছ ঔপনিৱেশৰ পৰা এই সামগ্ৰীসমূহ সংগ্ৰহ কৰা হৈছিল। ইয়াৰ ওপৰিও যাদুঘৰটোত সংৰক্ষিত কৰা হৈছিল বৃটিছ সাম্ৰাজ্যলৈ বিভিন্ন দেশে প্ৰেৰণ কৰা উপহাৰো। যাদুঘৰটোত ৰখা হৈছিল আ-অলংকাৰ, সেনাৰ পদক, ৰূপ, ব্ৰঞ্জ, হাতীৰ দাঁতৰ অলংকাৰ। এই সামগ্ৰীসমূহ চোৰে নিয়া বুলি প্ৰকাশ। CCTV কেমেৰাত ৪ চোৰে মূৰত টুপী আৰু ক’লা পেণ্ট-জেকেট পিন্ধা দেখা গৈছিল। চোৰৰ সন্ধানত বৃটেইনত চলিছে তীব্ৰ অভিযান। উল্লেখ্য যে, লণ্ডনৰ বৃটিছ মিউজিয়ামত ৰখা হৈছে অসমৰ বৃন্দাবনী বস্ত্ৰ। অসমৰ বৃন্দাবনী বস্ত্ৰ ৰখাৰ দৰে বৃটেইনৰ যাদুঘৰসমূহত সংৰক্ষণ কৰা হৈছে ঔপনিৱেশিক যুগত ভাৰতৰ পৰা বৃটেইনে লৈ যোৱা অমূল্য শিল্পকৰ্ম। কিন্তু বৃটেইনৰ যাদুঘৰতে ভাৰতৰ অমূল্য সম্পদকে ধৰি বিশ্বৰ পৰা সংগ্ৰহ কৰি নিয়া সম্পদ চোৰে লুটি নিয়াৰ পিছত প্ৰশ্ন উত্থাপিত হৈছে, বৃটেইনৰ যাদুঘৰত সুৰক্ষিত নহয় নেকি অসমৰ বৃন্দাবনী বস্ত্ৰ?


