দৈনিক বাতৰিৰাষ্ট্ৰীয় সুৰক্ষা

ভাৰতলৈ আহিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত ভলাদিমিৰ পুটিন

বছৰ বছৰ ধৰি দুয়োখন দেশৰ সৈতে সু-সম্পৰ্ক বজাই ৰাখিছে ৰাষ্ট্ৰ দুখনে

ভাৰতত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভলাদিমিৰ পুটিন। ভাৰত-ৰাছিয়াৰ সন্মিলনৰ বাবে ভাৰতলৈ আহিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকী। সোমবাৰে ৰাজধানী দিল্লীত আহি উপস্থিত হয় ভলাদিমিৰ পুটিন। চলিত বৰ্ষত এয়া হৈছে ভলাদিমিৰ পুটিনৰ ৰাছিয়াৰ বাহিৰলৈ দ্বিতীয়টো ভ্ৰমণ।

বিগত সাত দশক ধৰি ভাৰতৰ সৈতে ৰাছিয়াৰ আছে এক সু-সম্পৰ্ক। বছৰ বছৰ ধৰি দুয়োখন দেশৰ সৈতে সু-সম্পৰ্ক বজাই ৰাখিছে ৰাষ্ট্ৰ দুখনে। আজি সন্ধিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ প্ৰধানমন্ত্ৰী ভলাদিমিৰ পুটিনে মিলিত হয় এক গুৰুত্বপূৰ্ণ বৈঠকত।

উল্লেখ্য যে, ২০১৯ চনৰ পিছত এয়া হৈছে মোদী আৰু পুটিনৰ প্ৰথম সাক্ষাৎ। আজি সন্ধিয়া প্ৰধানমন্ত্ৰী মোদীয়ে হায়দৰাবাদ হাউছত সাক্ষাৎ কৰে ৰাছিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীক। ভাৰত-ৰাছিয়াৰ এই বৈঠকত দুয়োয়ে দুয়োখন ৰাষ্ট্ৰৰ প্ৰতিৰক্ষা ব্যৱস্থা, বেপাৰ-বাণিজ্য, শক্তি, প্ৰযুক্তিৰ ওপৰত আলোচনা কৰিব। দুয়োখন দেশৰ বাবে সন্ত্ৰাস এক ভয়াৱহতাৰ ওপৰত আলোচনা কৰা হ’ব এই দ্বিপাক্ষিক বৈঠকত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.