অৰ্থনৈতিকঅষ্ট্ৰেলিয়াজীৱনশৈলীমনোৰঞ্জন

ব্যবসায় কৰি কেইবা কোটি টকাৰ মালিক এটি ১০ বছৰীয়া কণমানি !

অষ্ট্ৰেলিয়াৰ পিক্সি কাৰ্টিছ (Pixie Curtis) নামৰ শিশু ছোৱালীজনীয়ে মাত্ৰ ১০ বছৰ বয়সতে নিজৰ ব্যৱসায় আৰম্ভ কৰি ইমানেই উন্নতি কৰিছে যে এতিয়া তাই ভৱিষ্যতৰ বিষয়ে আৰু চিন্তা কৰিবলগীয়া নহয়

আপুনাৰ ধাৰণাত ব্যবসায়ৰ বাবে উপযোগী বয়স কিমান?

আচৰিত যেন লাগিলেও সচা যে, ১০ বছৰীয়া এটি শিশুৱে ব্যবসায় কৰি মালিক হ’ল কোটি টকা।

১০ বছৰ বয়সত কোনে কি ধৰণৰ চিন্তা কৰিব পাৰে? সাধাৰণতে শিশুৱে খেলিবলৈ বা অধ্যয়ন কৰাৰ বাহিৰে আন পৰিকল্পনা নকৰে। এনে এটা শিশুয়ে ১০ বছৰ বয়সতে কোটি টকাৰ মালিক হৈছে।

অষ্ট্ৰেলিয়াৰ পিক্সি কাৰ্টিছ (Pixie Curtis) নামৰ শিশু ছোৱালীজনীয়ে মাত্ৰ ১০ বছৰ বয়সতে নিজৰ ব্যৱসায় আৰম্ভ কৰি ইমানেই উন্নতি কৰিছে যে এতিয়া তাই ভৱিষ্যতৰ বিষয়ে আৰু চিন্তা কৰিবলগীয়া নহয়।

বৰ্তমান প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি থকা পিক্সিৰ পিক্সিছ ফিজেটছ নামৰ এটা কোম্পানী আছে, যাৰ পৰা কোটি কোটি টকা উপাৰ্জন কৰিছে পিক্সিয়ে। পিক্সিৰ মাক ৰক্সি (Roxy) নিজেও অন্য এটা কোম্পেনী (Public Relations Guru Roxy)ৰ এগৰাকী সফল মেনেজাৰ। ৰক্সিয়ে পিক্সিৰ পিক্সিছ ফিজেটছ কোম্পেনিত জীয়াৰীক সম্পুৰ্ণৰূপে সহায় কৰে।

মাক ৰক্সি আৰু জীয়ৰী পিক্সিয়ে মে’ মাহত পুতলাৰ ব্যৱসায় আৰম্ভ কৰে। তেওঁলোকৰ সকলো পুতলা ৪৮ ঘণ্টাৰ ভিতৰতে বিক্ৰী হয়। আৰু এয়া আছিল তেওঁলোকৰ প্ৰথম সফলতা। পিক্সিছ ফিজেটছ কোম্পানীটোৰ প্ৰথম মাহৰ টাৰ্ন অ’ভাৰ আছিল ২ লাখ ডলাৰ বা ১ কোটিতকৈ অধিক। ইয়াৰ পিছত পিক্সিৰ কোম্পানীয়ে আৰু পিছলে ঘুৰি চাব লগীয়া নহয়।

পুতলা আৰু চুলিৰ আনুষংগিক সামগ্ৰীৰ ব্ৰেণ্ডটো এতিয়া পিক্সিছ পিক্স (Pixie’s Pixs) নামৰ এটা কোম্পানীৰ অন্তৰ্ভুক্ত কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 + 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.