অভিনয়অসম

ভ্ৰাম্যমাণ জগতৰ বাবে দুখবৰঃ ৰাইজক হাঁহিৰ খোৰাক দিবলৈ উভতি নাহে প্ৰবীণ অভিনেতা হৰেন মালাকাৰ

ভ্ৰাম্যমাণ জগত উকা কৰি পৰলোকলৈ গমন কৰিলে প্ৰবীণ কৌতুক অভিনেতা হৰেন মালাকাৰে

ভ্ৰাম্যমাণ জগতৰ অপূৰণীয় ক্ষতি। ভ্ৰাম্যমাণ জগত উকা কৰি পৰলোকলৈ গমন কৰিলে প্ৰবীণ কৌতুক অভিনেতা হৰেন মালাকাৰে।

এটা সময়ত তেখেতৰ অভিনয় চাই আপোন পাহৰা হৈ পৰিছিল দৰ্শক। সকলো দুখ-ভাগৰ পাহৰি প্ৰাণ খুলি হাঁহিছিল সকলোৱে। তেখেতে মঞ্চ অভিনয়ৰ জৰিয়তে দৰ্শকক হাঁহিৰ খোৰাক যোগাইছিল।

দীৰ্ঘদিন ধৰি শয্যাশায়ী হৈ আছিল অভিনেতা হৰেন মালাকাৰ। পৰিয়ালৰ আপ্ৰাণ চেষ্টাকো বিফল কৰি, সকলোকে নিৰাশ কৰি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে বিশিষ্ট কৌতুক অভিনেতাগৰাকীয়ে।

হাজোৰ মালিটোলাৰ নিজ বাসগৃহত নিশা ৯.৩৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা জনে । মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৩ বছৰ।

উল্লেখযোগ্য যে, কৌতুক অভিনয়ৰে অসমবাসীক হঁহুৱাই ভালপোৱা অভিনেতা হৰেন মালাকাৰে ভ্ৰাম্যমাণ থিয়েটাৰত ২০০ৰো অধিক নাটকত অভিনয় কৰিছিল।

তেখেতৰ মৃত্যু অসমৰ ভ্ৰাম্যমাণ জগতৰ বাবে এক অপূৰণীয় ক্ষতি।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two + eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.