কাবুলৰ পৰা স্বদেশলৈ উভতি আহিল ভাৰতীয় নাগৰিক
বিশেষ বিমানেৰে ভাৰতলৈ লৈ অহা হয় ১৩৫ জন ভাৰতীয় নাগৰিকক
অৱশেষত স্বদেশলৈ উভতি আহিল ভাৰতীয় নাগৰিক। কিছুদিন পূৰ্বে আফগানিস্তানৰ ৰাজধানী কাবুলৰ পৰা দোহালৈ স্থানান্তৰিত কৰা হৈছিল ১৩৫ জন ভাৰতীয় নাগৰিকক। দোহাৰ পৰা বিশেষ বিমানেৰে পুনৰ ভাৰতলৈ লৈ অহা হয় ভাৰতীয় লোককেইজনক।
কাবুলত থকা ভাৰতীয় দূতাবাসে দেওবাৰে সদৰী কৰে এই কথা।
1st batch of 135 Indians who were evacuated 4m Kabul to Doha over past days being repatriated tonight to India. Emb officials provided consular&logistics asst to ensure their safe return. We thank Qatar authorities n all concerned for making this possible@MEAIndia@DrSJaishankar pic.twitter.com/xueNYg6K1F
— India in Qatar (@IndEmbDoha) August 21, 2021
দেওবাৰে আফগানিস্তানৰ পৰা ভাৰতলৈ বিভিন্ন লক্ষ্যস্থান আৰু বিমানেৰে উভতি আহিব ৫০০ জন লোক। এখন এয়াৰ ইণ্ডিয়াৰ বিমানে ৮৭জন ভাৰতীয়ক লৈ তাজিকিস্তানৰ পৰা নতুন দিল্লীলৈ অহাৰ কথা জনায় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগসীয়ে।
Bringing Indians home from Afghanistan!
AI 1956 carrying 87 Indians departs from Tajikistan for New Delhi. Two Nepalese nationals also evacuated.
Assisted and supported by our Embassy @IndEmbDushanbe.
More evacuation flights to follow. pic.twitter.com/YMCuJQ7595— Arindam Bagchi (@MEAIndia) August 21, 2021
তালিবানে দখল কৰা কাবুলত আৱদ্ধ হৈ থকা ভাৰতীয়সকলক দেশলৈ ঘূৰাই আনিবৰ বাবে চেষ্টা কৰিছে ভাৰতে। ভাৰতীয় বায়ু সেনাই এতিয়া পৰ্যন্ত কাবুলৰ পৰা উদ্ধাৰ কৰি ভাৰতলৈ লৈ আহিছে বহুকেইজন ভাৰতীয় নাগৰিকক।