আন্তঃৰাষ্ট্ৰীয়ভাৰত

কাবুলৰ পৰা স্বদেশলৈ উভতি আহিল ভাৰতীয় নাগৰিক

বিশেষ বিমানেৰে ভাৰতলৈ লৈ অহা হয় ১৩৫ জন ভাৰতীয় নাগৰিকক

অৱশেষত স্বদেশলৈ উভতি আহিল ভাৰতীয় নাগৰিক। কিছুদিন পূৰ্বে আফগানিস্তানৰ ৰাজধানী কাবুলৰ পৰা দোহালৈ স্থানান্তৰিত কৰা হৈছিল ১৩৫ জন ভাৰতীয় নাগৰিকক। দোহাৰ পৰা বিশেষ বিমানেৰে পুনৰ ভাৰতলৈ লৈ অহা হয় ভাৰতীয় লোককেইজনক।

কাবুলত থকা ভাৰতীয় দূতাবাসে দেওবাৰে সদৰী কৰে এই কথা।

দেওবাৰে আফগানিস্তানৰ পৰা ভাৰতলৈ বিভিন্ন লক্ষ্যস্থান আৰু বিমানেৰে উভতি আহিব ৫০০ জন লোক। এখন এয়াৰ ইণ্ডিয়াৰ বিমানে ৮৭জন ভাৰতীয়ক লৈ তাজিকিস্তানৰ পৰা নতুন দিল্লীলৈ অহাৰ কথা জনায় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগসীয়ে।

 

তালিবানে দখল কৰা কাবুলত আৱদ্ধ হৈ থকা ভাৰতীয়সকলক দেশলৈ ঘূৰাই আনিবৰ বাবে চেষ্টা কৰিছে ভাৰতে। ভাৰতীয় বায়ু সেনাই এতিয়া পৰ্যন্ত কাবুলৰ পৰা উদ্ধাৰ কৰি ভাৰতলৈ লৈ আহিছে বহুকেইজন ভাৰতীয় নাগৰিকক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 + 15 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.