অসমঅসম আৰক্ষী

নীলাভ জ্যোতিৰে জ্যোতিষ্মান গুৱাহাটী আৰক্ষী থানাৰ চৌদিশ

UNICEFএ আৰম্ভ কৰা GO BLUE অভিযানৰ বাবেই সজাই-পৰাই তোলা হ'ল আৰক্ষী থানাসমূহ। বিশ্ব শিশু দিৱসৰ লগত সংগতি ৰাখি শিশুৰ অধিকাৰৰ দাবী উত্থাপনৰ বাবেই ব্যৱহাৰ কৰা হ'ল নীলা জ্যোতি

২০ নৱেম্বৰৰ সন্ধিয়া নীলা জ্যোতিৰে আলোকিত হ’ল অসম আৰক্ষীৰ হেডকোৱাৰ্টাৰ আৰু গুৱাহাটীৰ আৰক্ষী থানা। শনিবাৰৰ সন্ধিয়া নীলা আভাৰে জ্যোতিষ্মান হ’ল মহানগৰীৰ আৰক্ষী থানা।

UNICEFএ আৰম্ভ কৰা GO BLUE অভিযানৰ বাবেই সজাই-পৰাই তোলা হ’ল আৰক্ষী থানাসমূহ। বিশ্ব শিশু দিৱসৰ লগত সংগতি ৰাখি শিশুৰ অধিকাৰৰ দাবী উত্থাপনৰ বাবেই ব্যৱহাৰ কৰা হ’ল নীলা জ্যোতি।

উল্লেখ্য যে, প্ৰতি বছৰে ২০ নৱেম্বৰত পালন কৰা হয় বিশ্ব শিশু দিৱস। চলিত বৰ্ষত ক’ভিড-১৯ মহামাৰীয়ে জুৰুলা কৰা শিশুসকলৰ বাবে বিশেষভাৱে শিশু দিৱস উদযাপন কৰিব নোৱাৰিলেও তেওঁলোকৰ অধিকাৰৰ বাবে এনেদৰেই নীলা জ্যোতিৰে জ্যোতিষ্মান কৰা হ’ল সমগ্ৰ বিশ্ব।

মহানগৰীৰ আৰক্ষী আয়ুক্ত হৰমিত সিং আৰু যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্তই উল্লেখ কৰে Go Blue অভিযানৰ তাৎপৰ্য। সমগ্ৰ বিশ্বতে শিশুৰ অধিকাৰৰ বাবে বহু সংগঠনে মাত মতাৰ সমান্তৰালকৈ অসমতো অসম আৰক্ষীয়ে লৈছে এই আদৰণীয় পদক্ষেপ।

নীলাভ জ্যোতিৰে জ্যোতিষ্মান গুৱাহাটী আৰক্ষী থানাৰ চৌদিশ

২০ নৱেম্বৰত অসম আৰক্ষীৰ হেডকোৱাৰ্টাৰ, গুৱাহাটী আৰক্ষী আয়ুক্তৰ কাৰ্যালয়, আজাৰা আৰক্ষী থানা, বশিষ্ঠ আৰক্ষী থানা, পানবজাৰ আৰক্ষী থানা আৰু জালুকবাৰী আৰক্ষী থানাতো নীলা জ্যোতিৰে পোহৰাই তোলা হয়।

উল্লেখ্য যে, UNICEFএ আৰম্ভ কৰা Go Blue অভিযানে ভৱিষ্যতে সমগ্ৰ বিশ্বৰ শিশুসকলক যথেষ্ট উপকৃত কৰিব।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 5 =

Back to top button