অপৰাধঅসম

ৰক্ষকেই ভক্ষক! পুনৰ খাকী পোচাকত লাগিল দাগ

খাৰুপেটীয়া থানাৰ OC উৎপল বৰাক গ্ৰেপ্তাৰ৷ চিকিৎসক শিক্ষকৰ ওপৰত ভুৱা গোচৰ ৰুজু কৰি বিচাৰিছিল উৎকোচ৷

ৰক্ষকেই ভক্ষক! পুনৰ খাকী পোচাকত লাগিল দাগ, খাৰুপেটীয়া থানাৰ OC উৎপল বৰাক গ্ৰেপ্তাৰ৷ চিকিৎসক শিক্ষকৰ ওপৰত ভুৱা গোচৰ ৰুজু কৰি বিচাৰিছিল উৎকোচ৷

ধুলা থানাৰ OCহৈ থাকোতে উৎপল বৰাই সংঘটিত কৰিলে এই ঘটনা৷ সম্প্ৰতি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোধ-পোছ অব্যাহত ৰাখিছে OC বৰাক৷

যি সময়ত অসম আৰক্ষীক চৰকাৰে অপৰাধ মুক্ত অসম গঢ়িবলৈ সৰ্বোচ্চ শক্তি দিছে সেই সময়তে সংঘটিত হৈছে এই বিপৰীত ঘটনা৷ পৰৱৰ্তী সময়ত ধূলা থানাৰ পৰা খাৰুপেটীয়া থানালৈ বদলি হৈছিল উৎপল বৰা৷

JJM আঁচনিৰ পাইপ চুৰিৰ এক ভুৱা গোচৰত লোক দুজনক আটক কৰাৰ লগতে তেওঁলোকৰ পৰা ৫ লাখ টকা বিচাৰিছিল উৎপল বৰাই। বৰ্তমান আৰক্ষী বিষয়া উৎপল বৰাক মঙলদৈ থানাত ৰখা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 + six =

Back to top button