Socialভাৰতমহাৰাষ্ট্ৰমুম্বাই

নগ্ন ফটোশ্বুট কৰাৰ বাবেই গ্ৰেপ্তাৰ হ’ব নেকি ৰণবীৰ সিং?

বিপদত বলীউদৰ অভিনেতা ৰণবীৰ সিং! নগ্ন ‍ফটোশ্বুট কৰি আপলোড দিছিল সামাজিক মাধ্যমত

নগ্ন ফটোশ্বুট কৰাৰ বাবেই গ্ৰেপ্তাৰ হ’ব নেকি ৰণবীৰ সিং?

বিপদত বলীউদৰ অভিনেতা ৰণবীৰ সিং! নগ্ন ‍ফটোশ্বুট কৰি আপলোড দিছিল সামাজিক মাধ্যমত৷ তাৰ পিছতেই ট্ৰ’লৰ সন্মুখীন অভিনেতাগৰাকী৷ এইবাৰ নগ্ন ফটোৰ বাবে আইনী মেৰপেঁচত সোমাই পৰিল ৰণবীৰ সিং৷ নগ্ন ফটোশ্বুট কৰোৱাৰ বাবে অভিনেতাজনৰ বিৰুদ্ধে মুম্বাইৰ চেম্বুৰ থানাত এজাহাৰ দাখিল কৰা হৈছে। ৰণবীৰক গ্ৰেপ্তাৰৰ দাবী কৰা হৈছে। ৰণবীৰ সিঙৰ বিৰুদ্ধে ‘নাৰীৰ অনুভূতিত আঘাত’ কৰাৰ অভিযোগ।

নগ্ন ‍ফটোশ্বুট কৰি এতিয়া বিপদত পৰিছে বলীউদৰ অভিনেতা ৰণবীৰ সিং। নগ্ন ফটোক লৈ পূৰ্বেই মানুহৰ ট্ৰ’লৰ মুখত পৰিছে ৰণবীৰ সিং। এইবাৰ আইনী মেৰপেঁচত সোমাই পৰাৰ সম্ভাৱনা দেখা গৈছে। নগ্ন ফটোশ্বুট কৰোৱাৰ বিৰুদ্ধে অভিনেতাজনৰ বিৰুদ্ধে মুম্বাইৰ চেম্বুৰ থানাত এজাহাৰ দাখিল কৰা হৈছে। ৰণবীৰৰ গ্ৰেপ্তাৰৰ দাবী কৰা হৈছে। ৰণবীৰ সিঙৰ বিৰুদ্ধে ‘নাৰীৰ অনুভূতিত আঘাত’ কৰাৰ অভিযোগ।

এনজিঅ’ চলোৱা ললিত শ্যামে ৰণবীৰ সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। তেওঁৰ অভিযোগ, ৰণবীৰ সিঙৰ নগ্ন ফটো দেখাৰ পিছত মহিলাৰ মনত লজ্জাবোধৰ সৃষ্টি হৈছে। তেওঁৰ দাবী, টুইটাৰ আৰু ইনষ্টাগ্ৰামৰ পৰা ৰণবীৰৰ নগ্ন ফটো আঁতৰোৱা হওক। আজি পুৱা ৰণবীৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

এনজিঅ’ৰ ফালৰ পৰা এফআইআৰ দাখিল কৰা অধিবক্তাই কয়, ভাৰতীয় দণ্ডবিধি আইনৰ ২৯২ ধাৰাৰ অধীনত ৫ বছৰ আৰু ২৯৩ ধাৰাৰ অধীনত ৩ বছৰৰ শাস্তিৰ ব্যৱস্থা আছে। আনহাতে, আইটি এক্ট ৬৭ (এ)ৰ অধীনত ৫ বছৰৰ কাৰাদণ্ডৰ শাস্তি হ’ব পাৰে।উল্লেখযোগ্য যে ৰণবীৰ সিঙে এখন মেগাজিনৰ বাবে নগ্ন ফটোশ্বুট কৰাইছিল। এই ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। একাংশ অনুৰাগীৰ সমৰ্থন পালেও, তীব্ৰ ট্ৰ’লৰ সন্মুখীন হয় অভিনেতাজন। ৰণবীৰৰ নগ্ন ফটোৰ বহু মিম্ছ শ্বেয়াৰ হৈছে। ইমানলৈ ঠিকেই আছিল, কিন্তু এতিয়া ঘটনা থানা পালেগৈ, যাৰ ফলত বিষয়টো এতিয়া গভীৰ হৈ পৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − ten =

Back to top button