অসম

এইবাৰ যৌতুক নহয়,গাৰ বৰণ ক’লা হোৱাৰ বাবেই স্ৱামীৰ আতিশায্যৰ বলি হ’ল পত্নী!

পিতৃ গৃহলৈ গুচি নোযোৱাত স্বামী ৰহমত আলী ওৰফে মুন্না, শহুৰ ৰহিজ আলী আৰু শাহু খাদিজা খাতুনে ঘৰৰ দৰ্জা বন্ধ কৰি মাৰপিট কৰাৰ লগতে স্বামীয়ে পেটত কটাৰীৰে আঘাতো কৰিছিল নাছিৰাক

জাতিগত বৈষম্য বাদ পৰিল। এইবাৰ পাল গাৰ বৰণৰ। বিদেশত নহয় এইবাৰ অসমত গাৰ বৰণক লৈ সংঘটিত হ’ল এক অদ্ভূত ঘটনা। গাৰ বৰণ ক’লা হোৱাৰ বাবেই স্বামীয়ে পত্নীৰ ওপৰত চলালে শাৰীৰিক অত্যাচাৰ। অকল স্বামীয়ে নহয় শহুৰ-শাহুৱেও চলালে অত্যাচাৰ। এই অভিযোগ ভুক্তভোগী মহিলাগৰাকীৰ পিতৃ পৰিয়ালৰ। সম্প্ৰতি স্বামী পৰিয়ালৰ প্ৰহাৰত গুৰুতৰভাৱে আহতহৈ চিকিৎসাধীন হৈছে নাছিৰা খাতুন।

এই ঘটনা সংঘটিত হৈছে বৰভিটা আৰক্ষী চকীৰ অন্তৰ্গত হাতচাৰা গাঁওত। জানিব পৰা মতে, ৫ বছৰ পূৰ্বে ধুবুৰী জিলাৰ পোৰাভিটা গাঁওৰ ৰবিউল হকৰ কন্যা নাছিৰা খাতুনৰ বৰপেটা জিলাৰ হাতচাৰা গাঁওৰ ৰহিজ আলীৰ পুত্ৰ ৰহমত আলীৰ সৈতে বিবাহ হৈছিল। ৰহমত আলীৰ পছন্দত বিবাহ হোৱাৰ পিছতো ক’লা বৰণৰ হোৱাৰ বাবেই বিবাহৰ পিছৰে পৰা পত্নী নাছিৰা খাতুনক স্বামীৰ লগতে শহুৰ-শাহুৱেও মাৰপিট কৰি আহিছিল। নাছিৰা খাতুনে স্বামী গৃহৰ এৰি পিতৃ গৃহলৈ গুচি নোযোৱাত পূৰ্বৰে পৰা শাৰিৰীক অত্যাচাৰ কৰি আহিছিল বুলি অভিযোগ কৰে নাছিৰাৰ পিতৃ ৰবিউল হকে।

ইফালে, যোৱা ১৫ নৱেম্বৰতো একেই কাৰণতে নাছিৰা খাতুনক পিতৃ গৃহলৈ খেদি পঠোৱাৰ চেষ্টা কৰিছিল স্বামীৰ পৰিয়ালে। কিন্তু পিতৃ গৃহলৈ গুচি নোযোৱাত স্বামী ৰহমত আলী ওৰফে মুন্না, শহুৰ ৰহিজ আলী আৰু শাহু খাদিজা খাতুনে ঘৰৰ দৰ্জা বন্ধ কৰি মাৰপিট কৰাৰ লগতে স্বামীয়ে পেটত কটাৰীৰে আঘাত কৰাৰ অভিযোগ উত্থাপন কৰে নাছিৰাৰ পিতৃ ৰবিউল হকে। ইয়াৰোপৰি, সন্তানৰ ওপৰতো নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে স্বামী ৰহমত আলীৰ বিৰুদ্ধে। পিছত, স্থানীয় ৰাইজে নাছিৰা খাতুনক উদ্ধাৰ কৰি পিতৃগৃহৰ লোকক অৱগত কৰাত, পিতৃগৃহৰ লোকে কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বৰভিটা আৰক্ষীৰ সহযোগত নাছিৰাক উদ্ধাৰ কৰি নাছিৰাৰ চিকিৎসাৰ বাবে গুৱাহাটীৰ দিছ্পুৰ চিকিৎসালয়ত ভৰ্তি কৰে। পৰিয়ালৰ লোকে বৰভিটা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। আৰক্ষিয়ে দুই পিতা-পুত্ৰক আদালতত হাজিৰ কৰি জেল-হাজোতলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − five =

Check Also
Close
Back to top button