অসম

প্ৰেম কৰা নাযায়, প্ৰেম হৈ যায়! এইবাৰ নিজ বোৱাৰীৰ প্ৰেমত পৰিল শহুৰ

পত্নীক এৰি নিজ বোৱাৰীৰ প্ৰেমত মচগুল ৬২ বছৰীয়া শহুৰ। দুবছৰে প্ৰেমৰ সম্পৰ্কত আছে ৬২ বছৰীয়া শহুৰ আৰু ৩৫ বছৰীয়া বোৱাৰী।

কামপুৰ থানাৰ অন্তৰ্গত কঠিয়াতলী পহৰাচকীৰ বৰহোলা গাঁৱত ঘটিছে এক আজৱ ঘটনা। পত্নীক এৰি নিজ বোৱাৰীৰ প্ৰেমত মচগুল ৬২ বছৰীয়া শহুৰ। দুবছৰে প্ৰেমৰ সম্পৰ্কত আছে ৬২ বছৰীয়া শহুৰ আৰু ৩৫ বছৰীয়া বোৱাৰী। মমতাজ- ছাহজাহান, ৰোমিঅ-জুলিয়েটৰ দৰে অমৰ প্ৰেম কাহানী বহুত শুনিলে।এইবাৰ শুনাম ৬২ বছৰীয়া বৃদ্ধাৰ প্ৰেম কাহিনী।কামপুৰৰ বৰহোলাৰ ৬২ বছৰীয়া বিজয় ডেকা আৰু তেওঁৰ নিজ বোৱাৰী মাজত চলা প্ৰেম কাহিনী।সাত বছৰৰ আগতে মৃত্যু ঘটিছিল বিজয় ডেকাৰ পুত্ৰৰ।বিধৱা সাজত কেইটামান বছৰ থাকিছিল এটা সন্তুানৰ মাতৃ বোৱাৰী গৰাকী ।দিনবোৰ পাৰ হল।নিজৰ বোৱাৰীক আপোন কৰি লোৱাৰ মন মেলিলে বিজয় ডেকাই ।আৰম্ভ হল প্ৰেম।ইফালে এই কথা বিজয়ৰ পত্নীৰ জ্ঞাত হোৱাত ঘৰখনত অশান্তিয়ে গা কৰি উঠিলে।প্ৰতিদিনে ঘৰখনত এখন কুৰুক্ষেত্ৰ হবলৈ ধৰে।

অভিযোগ অনুসৰি বিজয় ডেকাই নিজৰ পত্নী আৰু লৰা ছোৱালীক নিৰ্মম অত্যাচাৰ চলায়।শেহতীয়া ভাৱে বিজয় ডেকাই প্ৰেমিকা ৰূপী বোৱাৰীক লগত লৈ ৰহাৰ দেউবালিৰ বোৱাৰী গৰাকীৰ পিতৃ গৃহত ৰাস চাব গৈছিল।ইয়াৰ পিছে পিছে সেইঠাইত ওলাল গৈ বিজয়ৰ পত্নীও।পত্নীক দেখি হতবাক পলায়ন কৰে বিজয় ডেকাই।পিছত বৃহস্পতিবাৰৰ সন্ধ্যাৰ ভাগত বৰহোলা ঘৰত উপস্থিত হৈ নিজ পত্নী আৰু জীয়ৰীয ওপৰত নিৰ্মম অত্যাচাৰ চলাই আৰু পত্নীৰ খবৰ ভিত্তিত শহুৰ আৰু প্ৰেমিকা বোৱাৰীক কঠিয়াতলী আৰক্ষীয়ে আটক কৰি থানালৈ লৈ আহে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.