অসম

অতীত নহয় ৰেডিঅ’, বন্ধ নহয় আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভ

এই খবৰে স্বাভাৱিকতে হাঁহি বিৰিঙাইছে সকলোৰে মুখত। সুখৰ খবৰ এয়াই যে এতিয়াৰ পৰা অতীত নহয় আপোনাৰ আৱেগ ৰেডিঅ'টো।

বন্ধ নহয় আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভ। আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভ বন্ধ হোৱাক লৈ দীৰ্ঘদিন ধৰি প্ৰশ্ন উত্থাপন হৈ থকাৰ সময়তে অৱশেষত আহিল ভাল খবৰটো।

শুকুৰবাৰে, আকাশবাণী গুৱাহাটীলৈ দিল্লীৰ চিঠি। প্ৰসাৰ ভাৰতীৰ কৰ্তৃপক্ষই প্ৰেৰণ কৰিলে বিশেষ চিঠিখন। মিডিয়াম ৱেভ বন্ধ নকৰিবৰ বাবে এই নিৰ্দেশ প্ৰদান কৰে প্ৰসাৰ ভাৰতীয়ে।

উল্লেখ্য যে, মিডিয়াম ৱেভ বন্ধ নকৰিবৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কৰ্মচাৰীসকলে কিছুদিনৰ পৰা সাব্যস্ত কৰি আহিছিল প্ৰতিবাদ। তাৰপাছতে আজি প্ৰসাৰ ভাৰতীয়ে দিয়া এই খবৰে স্বাভাৱিকতে হাঁহি বিৰিঙাইছে সকলোৰে মুখত। সুখৰ খবৰ এয়াই যে এতিয়াৰ পৰা অতীত নহয় আপোনাৰ আৱেগ ৰেডিঅ’টো।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.